জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত শ্বহীদ ২ জোৱান, নিহত সন্ত্ৰাসবাদীও

শনিবাৰে জম্মু- কাশ্মীৰৰ শ্বপিয়ানত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত সংঘৰ্ষত নিহত হয় এজন সন্ত্ৰসবাদী। এই সংঘৰ্ষকালত ভাৰতীয় সেনাৰ দুগৰাকী জোৱানো শ্বহীদ হয়।

জানিব পৰা মতে, শনিবাৰে পুৱা শ্বপিয়ানৰ গেনপোৰাৰ চেৰমাৰ্গ গাঁৱত সন্ত্ৰাসবাদীৰ এটা দল আত্মগোপন কৰি থকাৰ গোপন খবৰ লাভৰ পিছতে অঞ্চলটোত অভিযান চলায় সেনা আৰু চিআৰপিএফে।

G9 3
জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত শ্বহীদ ২ জোৱান, নিহত সন্ত্ৰাসবাদীও 5

সুৰক্ষা বাহিনীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, সেনা আৰু চিআৰপিএফৰ এটা যুটীয়া দলে অঞ্চলটো চাৰিওফালৰ পৰা ঘেৰাও কৰে আৰু তালাচী অভিযান আৰম্ভ কৰে। সেই সময়তে সন্ত্ৰাবাদীয়ে অভিযানকাৰী দললৈ গুলিবৰ্ষণ কৰাত শ্বহীদ হয় চিআৰপিএফৰ ২ জোৱান।

G01 8
জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত শ্বহীদ ২ জোৱান, নিহত সন্ত্ৰাসবাদীও 6

আনহাতে অভিযানকাৰীয়ে প্ৰত্যুত্তৰত গুলিচালনা কৰাত এজন সন্ত্ৰাসবাদীও নিহত হয়। এই মুহূৰ্তত, সন্ত্ৰাসবাদীসকল কোন সংগঠনৰ সৈতে জড়িত সেয়া জানিব পৰা হোৱা নাই। অঞ্চলটোত এতিয়াও অভিযান অব্যাহত ৰাখিছে ভাৰতীয় সেনাই।

P7
জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত শ্বহীদ ২ জোৱান, নিহত সন্ত্ৰাসবাদীও 7

উল্লেখ্য যে, যোৱা কিছু বছৰৰ পৰা নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ সৈতে মোকাবিলা কৰিবলৈ হাই-টেক প্ৰযুক্তি ব্যৱহাৰ কৰা আৰম্ভ কৰিছে।

P6
জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত শ্বহীদ ২ জোৱান, নিহত সন্ত্ৰাসবাদীও 8

ইয়াৰ সমান্তৰলাভাৱে নিৰাপত্তাৰক্ষীয়ে এনকাউণ্টাৰৰ সময়ত সন্ত্ৰাসবাদীসকলৰ সঠিক স্থিতি বিচাৰি উলিয়াবলৈ আৰু তালাচী অভিযান চলাবলৈ ড্ৰোন কেমেৰাৰ ব্যৱহাৰ কৰি আছে। যাৰ ফলত সন্ত্ৰাসবাদীৰ গুলীচালনাৰ ফলত ক্ষতিৰ সম্ভাৱনা যথেষ্ট হ্ৰাস পাইছে।

আনকি শনিবাৰৰ সংঘৰ্ষৰ সময়তো, সুৰক্ষা বাহিনীয়ে ড্ৰোন কেমেৰাৰ সহায়ত তালাচী অভিযান চলোৱা দেখা গৈছিল।

Leave a Comment