জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ গুলীত আহত কাশ্মিৰী পণ্ডিত, শ্বহীদ চিআৰপিএফ জোৱান

নিউজ ডেস্ক। ‘দ্য কাশ্মীৰ ফাইলছ’ক লৈ দেশত খুউব ৰাজনীতি হ’ল।

সদনত কাশ্মীৰি পণ্ডিতৰ কথা ক’বলৈ গৈ চিনেমাৰ গুণ গোৱা হ’ল, কাশ্মিৰী পণ্ডিতৰ দুখ-দুৰ্দশাত কেমেৰাৰ সন্মুখত চকুপানীৰ বন্যা নমোৱাও হ’ল। নহ’ল কেৱল কাশ্মিৰী পণ্ডিত সকলৰ জীৱনৰ নিৰাপত্তাৰ বিষয়ে ভালকৈ চিন্তা কৰা!

সোমবাৰে সন্ধিয়া জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হয় আন এজন কাশ্মিৰী পণ্ডিত।

পুলৱামাৰ চোটিগাম গাঁৱৰ বাল কৃষ্ণ নামৰ এজন দোকানীৰ ওপৰত সন্ত্ৰাসাবীদ চলোৱা গুলীবৰ্ষণত তেওঁ গুৰুতৰভাৱে আহত হয়।

G07
জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ গুলীত আহত কাশ্মিৰী পণ্ডিত, শ্বহীদ চিআৰপিএফ জোৱান 3

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, কাশ্মিৰী পণ্ডিত জনক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে ৩ জাই গুলীবৰ্ষণ কৰে। বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে বাল কৃষ্ণ।

উল্লেখ্য যে, যোৱা বছৰ অক্টোবৰ মাহতে সন্ত্ৰাসবাদীয়ে এল এল বিন্দ্ৰু নামৰ এজন কাশ্মিৰী পণ্ডিতক গুলীয়াই হত্যা কৰিছিল। তাৰ পিছত সোমবাৰে সংঘটিত হয় আনটো ঘটনা। ইফালে একেদিনাই সন্ত্ৰাসবাদীৰ আন দুটা আক্ৰমণত এজন চিআৰপিএফ জোৱান শ্বহীদ হোৱাৰ বিপৰীতে আহত হয় দুজন বহিৰাগত শ্ৰমিক।

আনহাতে জম্মু-কাশ্মীৰত বহিৰাগত শ্ৰমিকৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনা যোৱা এপষেকৰ ভিতৰত এইটো হৈছে চতুৰ্থ আক্ৰমণ। বহিৰাগত শ্ৰমিকৰ ওপৰত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ আটাইকেইটা ঘটনা সংঘটিত হৈছে পুলৱামাত।

সোমবাৰে লাজুৰা গাঁৱত সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হোৱা শ্ৰমিক দুজনক বিহাৰৰ পাটলাশ্বৰ কুমাৰ আৰু জাক্কু চৌধুৰী বুলি জানিব পৰা গৈছে। দুয়োজনেই বৰ্তমান চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে দেওবাৰে লিটাৰৰ নৌপৰা গাঁৱত সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হৈছিল এজন চালক আৰু এজন হেণ্ডিমেন। আহত দুয়োজনেই পঞ্জাৱৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে।

অন্যহাতে সোমবাৰে হোৱা তৃতীয় আক্ৰমণৰ ঘটনাত শ্ৰীনগৰৰ জনবহুল মাইচুমাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানত চিআৰপিএফৰ হেড কনিষ্টবল বিশাল কুমাৰ গুৰুতৰভাৱে আহত হয় আৰু চিকিৎসালয়ত মৃত্যুবৰণ কৰে।

জম্মু-কাশ্মীৰত বৃদ্ধি পোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাই সাধাৰণ জনতাৰ মাজত আতংকত সৃষ্টি কৰি ৰাখিছে।

লগতে চাওকঃ

নিজৰ জীৱন বিসৰ্জন দি ৩৮ জন যাত্ৰীৰ জীৱন ৰক্ষা কৰিলে বাছ চালক নন্দ কিশোৰে

G1 6
জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ গুলীত আহত কাশ্মিৰী পণ্ডিত, শ্বহীদ চিআৰপিএফ জোৱান 4

Leave a Comment