জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ টাৰ্গেট কিলিঙৰ বলি কাশ্মীৰী পণ্ডিত! গুলীবিদ্ধ হৈ মৃত্যু পুৰণ কৃষ্ণ ভাটৰ…

নিউজ ডেস্কঃ জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত কাশ্মীৰী পণ্ডিত।

দক্ষিণ কাশ্মীৰৰ ছোপিয়ান জিলাত সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণত আহত কাশ্মীৰী পণ্ডিত জনক ততাতৈয়াকৈ হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু ঘটে।

ইফালে এই ঘটনাৰ পিছতে অঞ্চলটোত আৰক্ষী আৰু নিৰাপত্তাৰক্ষী বাহিনী উপস্থিত হৈ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে।

image 117
জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ টাৰ্গেট কিলিঙৰ বলি কাশ্মীৰী পণ্ডিত! গুলীবিদ্ধ হৈ মৃত্যু পুৰণ কৃষ্ণ ভাটৰ… 3

জানিব পৰা মতে, ছোপিয়ানৰ চৌধুৰী গুণ্ড অঞ্চলত কাশ্মীৰী পণ্ডিত পুৰণ কৃষ্ণ ভাট বাগিচাৰ ফালে গৈ থকা অৱস্থাত সন্ত্ৰাসবাদীয়ে আকস্মিকভাৱে আক্ৰমণ কৰাত গুলীবিদ্ধ গৈ গুৰুতৰভাৱে আহত হয়।

অন্যহাতে আক্ৰমণ সংঘটিত কৰিয়েই সেই স্থানৰ পৰা পলায়ন কৰে সন্ত্ৰাসবাদীয়ে।

image 118
জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ টাৰ্গেট কিলিঙৰ বলি কাশ্মীৰী পণ্ডিত! গুলীবিদ্ধ হৈ মৃত্যু পুৰণ কৃষ্ণ ভাটৰ… 4

একে সময়তে আহত পুৰণ ভাটক ততাতৈয়াকৈ ওচৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে কাশ্মীৰী পণ্ডিতজনৰ মৃত্যু ঘটে।

বাতৰি অনুসৰি, পুৰণ কৃষ্ণ ভাট ছোপিয়ানৰ চৌধুৰী গুণ্ড অঞ্চলৰ স্থায়ী বাসিন্দা আছিল।

কাশ্মীৰত পুনৰ কাশ্মীৰী পণ্ডিতৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাই কাশ্মীৰী পণ্ডিত আৰু উপত্যকাৰ সংখ্যালঘু শ্ৰেণীৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে।