ৰাষ্ট্ৰীয়

জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষী বাহিনীৰে সংঘৰ্ষত নিহত তিনিজন সন্ত্ৰাসবাদী…

জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষী বাহিনীৰে সংঘৰ্ষত নিহত তিনিজন সন্ত্ৰাসবাদী।

কাশ্মীৰৰ শ্ৰীনগৰৰ নাওগাম অঞ্চলত সেনা বাহিনীৰ সৈতে সংঘৰ্ষত নিহত ৩ সন্ত্ৰাসবাদী।

লগতে নিহত সন্ত্ৰাসবাদী তিনিজনৰ পৰা উদ্ধাৰ বহতো অস্ত্ৰ-শস্ত্ৰ।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত নিৰাপত্তাৰক্ষী বাহিনীয়ে শ্ৰীনগৰৰ নাওগামত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে।

নিৰাপত্তাৰক্ষী বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছতে সন্ত্ৰাসবাদীৰ দলে নিৰাপত্তাৰক্ষী বাহিনীক উদ্দেশ্যি গুলীবৰ্ষণ কৰে আৰু ইয়াৰ প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষী বাহিনীয়ে গুলীচালনা কৰাত তিনিজন সন্ত্ৰসবাদী নিহত হয়।

বৰ্তমানেও জম্মু-কাশ্মীৰ আৰক্ষী আৰু চিআৰপিএফ বাহিনীয়ে অঞ্চলটো অভিযান অব্যাহত ৰাখিছে।

মঙলবাৰেও কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ অভিযানত এজন সন্ত্ৰাসবাদীৰ মৃত্যু হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *