জম্মু-কাশ্মীৰত দুটা পৃথক অভিযানত ৬ দুধৰ্ষ সন্ত্ৰাসবাদী নিহত

জম্মু-কাশ্মীৰৰ কুলগাম আৰু অনন্তনাগত নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা দুটা পৃথক অভিযানত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জৈছ-এ-মহম্মদৰ ৬ জন দুধৰ্ষ সন্ত্ৰাসবাদীক হত্যা কৰিবলৈ সক্ষম হয়।

নিহত সন্ত্ৰাসবাদী কেইজনৰ ভিতৰত ৪ জনক চিনাক্ত কৰা হৈছে যদিও বাকী দুজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

চিনাক্ত কৰা নিহত সন্ত্ৰাসবাদী কেইজনৰ দুজন পাকিস্তানী আৰু দুজন স্থানীয় নাগৰিক বুলি জানিব পৰা গৈছে।

FH1-TXc-PVUAMTSn-O

জম্মু-কাশ্মীৰ আৰক্ষীৰ আইজিপি বিজয় কুমাৰে জানিবলৈ দিয়া মতে কুলগাম জিলাৰ মিৰহামা অঞ্চলত সংঘটিত এনকাউণ্টাৰত এজন পাক সন্ত্ৰাসবাদীসহ ৩ জন সন্ত্ৰাসবাদী নিহত হয়।

নিৰপত্তাৰক্ষীয়ে নিহত সন্ত্ৰাসবাদী কেইজনৰ পৰা এটা M4 আৰু 2 AK-47 ৰাইফল উদ্ধাৰ কৰে।

আনহাতে অন্তনাগৰ দুৰু জিলাৰ নৌগাম শ্বাহবাদত গোপন খবৰৰ ভিত্তিত নিৰাপত্তাৰক্ষীয়ে অভিযান চলায়। অভিযানকালত অঞ্চলটোত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীৰ এটা দলে নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি গুলিবৰ্ষণ কৰাত প্ৰত্যুত্তৰত অভিযানকাৰী দলেও গুলিচালনা কৰে। ফলত ৩ জন সন্ত্ৰাসবাদী নিহত হয়।

ইফালে এই সংঘৰ্ষত দুগৰাকী আৰক্ষী জোৱানো আহত হয়।

লগতে চাওকঃ

অৰ্ধনগ্ন হৈ যুৱকক প্ৰহাৰ DSPৰ, ভাইৰেল ভিডিঅ’ই তুলিছে খলকনি

Leave a Comment