
জমা থোৱা ধনত শতকৰা সুদ দিয়াৰ প্ৰলোভন দি ৫০ কোটিৰো অধিক টকা লৈ উধাও LIC এজেণ্ট…
নিউজ ডেস্কঃ সুদ লাভৰ আশাত দিন হাজিৰা কৰা, ঠেলাৱালা, ৰিক্সাৱালাই জমা ধোৱা ৫০ কোটিৰো অধিক টকা লৈ এজন এলআইচি এজেণ্ট পলায়ন কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ সত্ৰশালাত।
জানিব পৰা মতে, সত্ৰশালাৰ নিৱাসী প্ৰয়াত গণেশ সাহাৰ পুত্ৰ তুলসী সাহাই অঞ্চলটোৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীক জমা থোৱা টকাৰ বিনিময়ত শতকৰা দুটকাকৈ সুদ দিয়াৰ প্ৰলোভন দিছিল।
বিগত ১৫-১৬ বছৰে এলআইচি এজেণ্ট হিচাপেও কাম কৰি থকা তুলসী সাহাৰ এই প্ৰলোভনত ভোল গৈ ঘৰত বহিয়েই দুটকা অধিক উপাৰ্জন কৰাৰ আশাত পাৰ্যমানে ধন জমা থৈছিল বৃহত্তৰ অঞ্চলটোৰ সাধাৰণ খেতিয়ক, ঠেলাৱালা, ৰিক্সাৱালা সকলেও।

বাতৰি অনুসৰি, বহু লোকে নিজৰ মাটি, গৰু আদি সম্পদ বিক্ৰী কৰিও তুলসী সাহাৰ ওচৰত ধন জমা থৈছিল। কিন্তু সুদ-মূল দিয়া দূৰৈৰে কথা, ৫০ কোটি টক লৈ উধাও হয় তুলসী সাহা।
জানিব পৰা মতে, তুলসী সাহাই এলআইচিৰ এজেণ্ট হিচাপে কাম কৰাৰ সমান্তৰালভাৱে বিগত কিছু বছৰৰ পৰা শতকৰা ৫ টকা সুদত টকা ধাৰলৈ দি কাবুলীৱালাৰ ব্যৱসায়ো কৰি আহিছিল।

ইফালে তুলসী সাহা নিৰুদ্দেশ হৈ থকা সন্দৰ্ভত ভাতৃয়ে সোমবাৰে আগমনী থানাত এখন এজাহাৰ দাখিল কৰিয়েই দায়িত্ব সামৰে। এলআইচি এজেণ্টজন সন্ধানহীন হোৱাৰ খবৰ অঞ্চলটোত বিয়পি পৰাৰ পিছতে তেওঁৰ ওচৰত টকা জমা থোৱা সকলৰ মাজত হুৱাদুৱা লাগিছে।





