জনপ্ৰিয় ৰিয়েলিটী শ্ব’ ‘কৌন বনেগা কড়োৰপতি’ত জিলিকিল অসম কন্যা ৰাজনন্দিনী…

দেশৰ জনপ্ৰিয় ৰিয়েলিটী শ্বো কৌন বনেগা কড়োৰপতিত জিলিকিল অসম কন্যা ৰাজনন্দিনী কলিতা।

গুৱাহাটীৰ কিশোৰী ১৪ বছৰীয়া ৰাজনন্দিনী কলিতাই অনুষ্ঠানটোত তাইৰ অনুপ্ৰেৰণামূলক ভাষণৰ জৰিয়তে অভিনেতা অমিতাভ বচ্চনৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়।

কৌন বনেগা কড়োৰপতিত অংশ গ্ৰহণ কৰি ৫০ লাখ টকা জয় কৰিছে ৰাজনন্দিনীয়ে। ১ কোটি টকাৰ প্ৰশ্নৰ উত্তৰত প্ৰশ্নৰ খেল নেখেলাৰ সিদ্ধান্ত লয় আৰু ৫০ লাখ টকাৰ গৰাকী হয় ৰাজনন্দিনী কলিতা।

গুৱাহাটীৰ ছাউথ পইণ্ট স্কুলৰ ছাত্ৰী ৰাজনন্দিনী অতি সুন্দৰ ভাবে ৰিয়েলিটী শ্বোত নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দাঙি ধৰে।

ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ সপোন দেখা ৰাজ নন্দিনীৰ ভাষণ দিয়াৰ প্ৰতি থকা আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি বিগ বিয়ে অনুষ্ঠান চলি থকাৰ মাজতেই উপস্থিত সকলক সাংসদ বুলি কল্পনা কৰি ভাষণ দিবলৈ কৈছিল।

ইয়াৰ পাছতেই ৰাজ নন্দিনীয়ে তেওঁৰ ভাষণত দেশত শিক্ষাৰ গুৰুত্বৰ ওপৰত বক্তব্য ৰাখে।

ৰাজনন্দিনীয়ে কৈছিল নিজৰ সপোনৰ ভাৰতবৰ্ষৰ কথা। যত মুক্ত মনে সকলোৱে বিচৰণ কৰিব পাৰিব, উন্নয়নৰ দৌৰত প্ৰথম হব ভাৰত, ১০০ শতাংশ হব ভাৰতৰ স্বাক্ষৰতাৰ হাৰ, সকলো মানুহ হব শিক্ষিত, কোনো দুখীয়া শ্ৰেণীৰ লোক নাথাকিব।

কোনো খোকোজা নলগাকৈ সুন্দৰকৈ প্ৰদান কৰা ভাষণৰ জৰিয়তে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে দৰ্শকৰ বিপুল প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয় ৰাজনন্দিনী কলিতাই। 

গুৱাহাটীৰ ৰাজনন্দিনীৰ প্ৰতিভাক প্ৰশংসা কৰি ডাঙৰ ডাঙৰ নেতাসকলেও এনে ভাষণ দিব নোৱাৰে বুলি  ছাত্ৰীগৰাকীক প্ৰেৰণা দিয়ে মেগাষ্টাৰ অমিতাভ বচ্চনে।

Leave a Comment