সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন।
বৃদ্ধি পাব আমূল (Amul) আৰু মাদাৰ ডাইৰি (Mother Dairy)ৰ গাখীৰৰ দাম।
প্ৰতি লিটাৰত ২টকাকৈ বৃদ্ধি হ’ব দুই ব্ৰেণ্ডৰ দুগ্ধজাত সামগ্ৰীৰ দাম।
১৭ আগষ্ট অৰ্থাৎ বুধবাৰৰ পৰা নতুন নিৰীখ কাৰ্যকৰী হ’ব।
গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেশ্যনে গাখীৰৰ মূল্য বৃদ্ধিৰ কথা ঘোষণা কৰিছে।
এতিয়াৰেপৰা ৫০০ গ্ৰাম আমূল গোল্ডৰ মূল্য ৩১ টকালৈ বৃদ্ধি পাব।
গ্ৰাহকসকলে এতিয়া ২৫ টকাত আমূল তাজাৰ ৫০০ মিলি পেকেট আৰু ২৮ টকাত ৫০০ মিলি গ্ৰামৰ শক্তি পেকেট লাভ কৰিব।
আমূল কোম্পানীয়ে দিয়া তথ্য অনুসৰি, নতুন আহমেদাবাদ, গুজৰাট, দিল্লী, এনচিআৰ, মুম্বাই আৰু পশ্চিম বংগত ইতিমধ্যে বৃদ্ধি পাইছে।
কোম্পানীটোৱে কৈছে যে গাখীৰৰ পৰিচালনা ব্যয় আৰু উৎপাদন ব্যয় বৃদ্ধিৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।









