অসমঅসমীয়া

জটিল ৰােগত আক্ৰান্ত প্ৰাক্তন ছাত্ৰ নেতা নিৰ্মল ৰাভাৰ দেহাৱসান

নিউজ ডেস্ক। সদৌ গুৱাহাটী মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ কৰ্মী তথা কামৰূপ জিলাৰ বকাে নিবাসী নিৰ্মল ৰাভাৰ দেহাৱসান।

জানিব পৰা মতে, বিগত কিছুদিন ধৰি প্ৰাক্তন ছাত্ৰ নেতাগৰাকী জটিল ৰোগত আক্ৰান্ত হৈ আছিল।

1 3

সদৌ গুৱাহাটী মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু দক্ষিণ-পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ উপদেষ্টা আছিল প্ৰয়াত নিৰ্মল ৰাভা।

2 3

বৃহস্পতিবাৰে পুৱা বকোস্থিত নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন ছাত্ৰনেতাগৰাকীয়ে।

তেখেতৰ মৃত্যুৰ খবৰে সমগ্ৰ বকো অঞ্চলত শোকৰ ছাঁ পৰিছে।

3

তেওঁৰ মৃত্যুত বিভিন্ন দল-সংগঠনে গভীৰ শােক প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *