ৰাশিফলঅসমীয়া

চাওক আপােনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ৪ মাৰ্চ, শুকুৰবাৰ

মেষ ৰাশি- শান্ত থাকক। আজি আপুনি পৰিয়ালৰ সৈতে এটা ধৰ্মীয় স্থানলৈ যাব পাৰে। আপোনাৰ মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। পৰিয়ালৰ সৈতে সদ্ভাৱ থাকিব। বহুদিন ধৰি পাবলগীয়া ধন আজি লাভ কৰিব পাৰে। আত্মবিশ্বাস হ্ৰাস পাব। বন্ধু এজনৰ সহায়ত, আপুনি ব্যৱসায়ৰ সুযোগ পাব পাৰে। জমা হোৱা ধন হ্ৰাস হ’ব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

বৃষ ৰাশি- মানসিক শান্তি থাকিব। পাৰিবাৰিক জীৱনত শান্তি থাকিব। সম্পৰ্কত পাৰস্পৰিক সম্প্ৰীতি থাকিব। ব্যৱসায়ৰ প্ৰতি সাৱধান হোৱা উচিত। কিছুমান সমস্যাই মন ভাৰাক্ৰান্ত কৰিব পাৰে। মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। ব্যয় অধিক হ’ব। ভাতৃৰ পৰা সহযোগিতা লাভ কৰিব। খং পৰিহাৰ কৰক। মনত হতাশাৰ অনুভূতি থাকিব।

মিথুন ৰাশি- স্বাস্থ্য সচেতন হওক। মনটো বিচলিত হ’ব পাৰে। চাকৰিয়াল সকলে শীৰ্ষ বিষয়াৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হব। ব্যস্ততা বৃদ্ধি হ’ব। শৈক্ষিক কামত সফলতা লাভ কৰিব। আত্মবিশ্বাসৰ অভাৱ হ’ব। শিশুৰ স্বাস্থ্যৰ প্ৰতি চিন্তা বৃদ্ধি পাব পাৰে। আজি কোনো ব্যৱসায়িক সিদ্ধান্ত গ্ৰহণ কৰাৰ পৰা বিৰত থাকক। উপাৰ্জনৰ পৰিস্থিতি উন্নত হ’ব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কৰ্কট ৰাশি- আত্মবিশ্বাস বৃদ্ধি হ’ব। পৰিয়ালৰ সমৰ্থন লাভ কৰিব। চাকৰিত বিষয়াসকলৰ সহযোগিতা লাভ কৰিব।কামৰ বোজা বৃদ্ধি হ’ব পাৰে। স্বাস্থ্যৰ যত্ন লওক। ব্যয় বৃদ্ধি আজি আপোনাক আৰ্থিক সমস্যাত পেলাব পাৰে। আনৰ সৈতে মনৰ কথা ভাগ-বতৰা কৰাৰ পূৰ্বে আজি আপুনি সাৱধান হোৱা ভাল। পাৰিবাৰিক জীৱন সুখৰ হ’ব। শিশুৰ সুখ বৃদ্ধি হ’ব।

সিংহ ৰাশি- আজি আপুনি আত্মবিশ্বাসী হব যদিও ইয়ে আপোনাক সমস্যাৰ মাজলৈও ঠেলি দিব পাৰে। সামাজিক স্থানত খং পৰিহাৰ কৰি চলিলে আজি সুফল অনিবাৰ্য। মাতৃৰ অসুস্থতাই চিন্তিত কৰিব পাৰে। শৈক্ষিক আৰু বৌদ্ধিক কামত সন্মান লাভ কৰিব পাৰে। পাৰিবাৰিক জীৱন সুখী হ’ব। ব্যৱসায়ী সকলৰ বাবে দিনটো শুভ।

কন্যা ৰাশি- মানসিক শান্তি থাকিব। চাকৰিত বিষয়াসকলৰ সহযোগিতা লাভ কৰিব। প্ৰগতিৰ পথ প্ৰশস্ত হব পাৰে। কামৰ পৰিসৰ সলনি হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ যত্ন লওক। আত্মবিশ্বাস হ্ৰাস হ’ব। মানসিক অসুবিধা হ’ব। আপুনি ভাতৃসকলৰ সৈতে ধৰ্মীয় স্থানলৈ ভ্ৰমণ কৰিব পাৰে। চাপৰ পৰা আঁতৰি থাকিব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- মনটো বিচলিত হ’ব পাৰে। শান্ত হৈ থাকক। আপোনাৰ পিতৃৰ স্বাস্থ্যৰ যতন লওক। ব্যৱসায় সম্প্ৰসাৰিত হ’ব। পৰিশ্ৰম বৃদ্ধি পাব পাৰে। সমান্তৰালভাৱে আজি আপোনাৰ উপাৰ্জনো বৃদ্ধি পাব। পাৰিবাৰিক জীৱনত কন্দ্বল থাকিব পাৰে। স্বাস্থ্যৰ যত্ন লওক। উপাৰ্জন হ্ৰাস হ’ব। আপুনি আত্মবিশ্বাসী হ’ব, কিন্তু ধৈৰ্য্য হ্ৰাস হ’ব পাৰে।

বৃশ্চিক ৰাশি- চাকৰিত পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। উচ্চপদস্থ বিষয়াৰ সহযোগিতা লাভ কৰিব। আজি আপোনাৰ পৰিশ্ৰম বৃদ্ধি পাব পাৰে। বন্ধুবৰ্গৰ সহায়ত কোনো কঠিন পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ সক্ষম হব। মানসিক শান্তি থাকিব। কৰ্মক্ষেত্ৰত অনুকূল পৰিস্থিতি থাকিব পাৰে। পাৰিবাৰিক সমস্যাই মন ভাৰাক্ৰান্ত কৰিব পাৰে। চাকৰিয়াল সকলৰ বাবে আজি বদলিৰ যোগ আছে।

ধনু ৰাশি- শৈক্ষিক বা বৌদ্ধিক কামত ব্যস্ততা বৃদ্ধি হ’ব পাৰে। বন্ধুৰ সহায়ত ধন প্ৰাপ্ত কৰিব পাৰে। পাৰিবাৰিক জীৱন সুখী হ’ব, কিন্তু পিতৃৰ স্বাস্থ্যৰ অৱনতিয়ে কিছু চিন্তাত পেলাব পাৰে। চাকৰিৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা আৰু সাক্ষাৎকাৰে সন্তোষজনক ফলাফল প্ৰদান কৰিব।

মকৰ ৰাশি- শান্ত হৈ থাকক। বৃথা খং পৰিহাৰ কৰক। আপোনাৰ পত্নীৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। ব্যৱসায়ত পৰিৱৰ্তনৰ সম্ভাৱনা আছে। পৰিয়ালৰ পৰাও সমৰ্থন লাভ কৰিব। নতুন বাহন ক্ৰয় কৰিব পাৰে। উপাৰ্জনৰ উৎস বৃদ্ধি হ’ব। আত্মবিশ্বাস অধিক হ’ব, কিন্তু ধৈৰ্য্যৰো অভাৱ হ’ব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কুম্ভ ৰাশি- মানসিক শান্তিৰ বাবে চেষ্টা কৰক। কৰ্মক্ষেত্ৰত কামৰ বোজা বৃদ্ধি হ’ব পাৰে। চাকৰিয়াল সকলে বদলিৰ সুযোগ লাভ কৰিব। ব্যয় বৃদ্ধি হ’ব। পাৰিবাৰিক সমস্যা থাকিব। আজি আপোনাৰ ব্যয় বৃদ্ধি পাব, কিন্তু উপাৰ্জন সীমিত হব। আপুনি এজন বন্ধুৰ সহায়ত নতুন সংস্থাপনৰ সুযোগ পাব পাৰে।

মীন ৰাশি- আজি আপুনি অতিৰিক্ত ব্যয়ৰ বাবে অসুবিধাত পৰিব পাৰে। শৈক্ষিক কাৰ্যৰ সৈতে জড়িত সকলে আজি উন্নত ফলাফল লাভ কৰিব। শিশুৰ স্বাস্থ্যৰ অৱনতিয়ে উদ্বিগ্ন কৰিব পাৰে। হঠাৎ কোনো পুৰণি বন্ধুৰ সৈতে সাক্ষাৎ হব পাৰে। নতুন উপাৰ্জনৰ পথ প্ৰশস্ত হ’ব। মনটো অস্থিৰ হ’ব পাৰে। পাৰিবাৰিক সমস্যাই অসুবিধাত পেলাব পাৰে। সামাজিক স্থানলৈ যাওতে আজি আপুনি মিতভাষী হ’বলৈ চেষ্টা কৰক।

Leave a Reply

Your email address will not be published. Required fields are marked *