জঘন্য কাণ্ড! ৭০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ’ল এগৰাকী নিঃসহায় কিশোৰী, বৰ্তমান পাচঁ মাহৰ অন্তঃসত্তা…

এক অতি জঘন্য ঘটনা।

এগৰাকী ৭০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ’ল এগৰাকী নিঃসহায় কিশোৰী।

নগাঁৱৰ পুৰণিগুদামত সংঘটিত হৈছে এক জঘন্য কাণ্ড।

অভিযুক্ত ব্যক্তিজন গায়ন বৈৰাগী গাঁৱৰ ৰামেশ্বৰ হাজৰিকা।

৭০ বছৰীয়া ৰামেশ্বৰ হাজৰিকা নামৰ লোকজনৰ কামনাৰ বলি হোৱা নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকী বৰ্তমান পাঁচ মাহৰ গৰ্ভৱতী হোৱাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে চাঞ্চল্যৰ৷

মহামৃত্যুঞ্জয় মন্দিৰলৈ নিশা মেলা দেখুওৱাবলৈ নিয়াৰ চলেৰে পথাৰৰ মাজত ৰামেশ্বৰে দুষ্কৰ্ম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।

পিতৃ-মাতৃৰ দৃষ্টি হীনতাৰ সুযোগ লৈ ৰামেশ্বৰে সংঘটিত কৰিছিল এনে জঘন্য কাণ্ড। লম্পট ৰামেশ্বৰ হাজৰীকাক ইতিমধ্যে চামগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

পিতৃ-মাতৃৰ একমাত্ৰ ভৰসা কিশোৰীগৰাকী৷ দুৰ্ভগীয়া পৰিয়ালটোৰ নাই নিজা এটি বাসভৱন।

জানিব পৰা মতে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত কিশোৰীগৰাকীক ৰামেশ্বৰে লৈ গৈছিল ভেৰভেৰিস্থিত মৃত্যুঞ্জয় মন্দিৰ দেখুৱাবলৈ৷ মন্দিৰ দৰ্শন কৰিবলৈ নি পথাৰত কিশোৰীগৰাকীক যৌন উৎপীড়ন চলাইছিল বৃদ্ধ হাজৰিকাই৷ এই ঘটনাৰ পিছতে গৰ্ভৱতী হয় কিশোৰী ছাত্ৰীগৰাকী।