অসমঅসমীয়া

ছেবাৰ ঘােষণাঃ ১ এপ্ৰিলত অনুষ্ঠিত হ’ব মাতৃভাষা বিষয়ৰ পৰীক্ষা

নিউজ ডেস্ক। প্ৰশ্নকাকত ফাদিল হােৱাৰ পৰিপ্ৰেক্ষিতত ছেবাই অহা ১৮ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া মাতৃভাষা বিষয়ৰ পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হ’ল।

পৰীক্ষাৰ এদিন পূৰ্বে এই বাতিল হােৱা পৰীক্ষাৰ নতুন দিন ঘােষণা কৰিছে ছেবাই।

ছেবাৰ নতুন নিৰ্দেশনা অনুসৰি অহা ১ এপ্ৰিলত অনুষ্ঠিত হ’ব মাতৃভাষা বিষয়ৰ পৰীক্ষা।

FrZfLjJXoAMe1x2

ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণােজ পেগুৱে আজি টুইটাৰৰ জৰিয়তে ছেবাৰ নিৰ্দেশনা প্ৰকাশ কৰে।

উল্লেখ্য যে বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি প্ৰকাশ কৰে যে প্ৰশ্নকাকত ফাদিল কাণ্ডত গ্ৰেপ্তাৰ হােৱা এগৰাকী শিক্ষকে অসমীয়া বিষয়ৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰা বুলি তদন্তত স্বীকাৰ কৰে।

এনে পৰিপ্ৰেক্ষিততে অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল কৰিবলৈ তেওঁ ছেবাক পৰামৰ্শ দিয়া বুলি টুইটাৰত উল্লেখ কৰে।

লগতে চাওকঃ মুখ্যমন্ত্ৰীৰ পৰামৰ্শঃ বাতিল হ’ল মেট্ৰিকৰ অসমীয়া বিষয়ৰ পৰীক্ষাও

Assam HSLC Paper Leak
Assam HSLC Paper Leak SEBA to Cancel Assamese Paper on CM’s Direction

One thought on “ছেবাৰ ঘােষণাঃ ১ এপ্ৰিলত অনুষ্ঠিত হ’ব মাতৃভাষা বিষয়ৰ পৰীক্ষা”

Comments are closed.