
মুখ্যমন্ত্ৰীৰ পৰামৰ্শঃ বাতিল হ’ল মেট্ৰিকৰ অসমীয়া বিষয়ৰ পৰীক্ষাও
Click to Read in English: LINK
নিউজ ডেস্ক। প্ৰশ্নকাকত ফাদিল কাণ্ডই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতে ছেবাই বাতিল কৰিলে সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা।
ইপিনে, এই ঘটনাৰ তদন্ত অব্যাহত থকাৰ মাজতে মেট্ৰিকৰ অসমীয়া বিষয়ৰ পৰীক্ষাও বাতিল কৰিবলৈ ছেবাক পৰামৰ্শ দিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে টুইটৰ জৰিয়তে প্ৰকাশ কৰা অনুসৰি, তদন্তত ফাদিল হৈছে যে অহা ১৮ মাৰ্চত হ’বলগীয়া অসমীয়া বিষয়ৰ পৰীক্ষাৰ প্ৰশ্নকাকতাে ফাদিল হৈছে। সেই বাবে তেওঁ ছেবাক এই পৰীক্ষা বাতিল কৰিবলৈ নিৰ্দশনা প্ৰদান কৰা হৈছে।
It has been brought to my notice that the arrested accused centre incharge of Luhit Khabalu HS School has, during interrogation, confessed of leaking Assamese paper as https://t.co/9aI1Am9IiO view of this, I have advised SEBA to reschedule Assamese exam also.
— Himanta Biswa Sarma (@himantabiswa) March 16, 2023
টুইটত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা অনুসৰি, আৰক্ষীৰ জেৰাত লুহিত খাবলু হাইস্কুলৰ পৰীক্ষাকেন্দ্ৰৰ তত্বাৱধায়ক প্রণৱ দত্তই অসমীয়া বিষয়ৰ প্ৰশ্নকাকতাে ফাদিলৰ কথা স্বীকাৰ কৰিছে। সেয়ে তেওঁ ছেবাক অসমীয়া বিষয়ৰ পৰীক্ষাও পিছুৱাই অন্য এটা দিনত অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে।






Pingback: HSLC Paper Leak: CM Himanta Directs SEBA To Cancel Assamese Paper - NEWS8 NorthEast
Pingback: ছেবাৰ ঘােষণাঃ ১ এপ্ৰিলত অনুষ্ঠিত হ’ব মাতৃভাষা বিষয়ৰ পৰীক্ষা - NEWS8 NorthEast