ছাত্ৰনেতা অনিমেষ ভূঞা হত্যাকাণ্ড সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

যোৰহাট চহৰৰ মাজমজিয়াত দিন দুপৰতে গণপ্ৰহাৰত মৃত্যু হোৱা ছাত্ৰ নেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য।

ঘটনাৰ সৈতে জড়িত দুৰ্বৃত্ত সকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ আশ্বাস অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

photo-2021-11-29-19-28-55

উল্লেখ্য যে, এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি একাংশ উত্তেজিত লোকে অনিমেষ ভূঞাসহ অন্য দুজন লোকক নিৰ্মমভাৱে প্ৰহাৰ কৰে।

একাংশ লোকৰ গণপ্ৰহাৰৰ ফলত সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মী অনিমেষ ভূঞাৰ কৰুণ মৃত্যু হয়।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়- ‘যিসকল লোক এই গণপ্ৰহাৰৰ ঘটনাৰ সৈতে জড়িত হৈ আছে সকলোকে কৰায়ত্ত কৰা হ’ব আৰু এই ঘটনাৰ উচিত ন্যায় প্ৰদান কৰা হ’ব।

আনহাতে ২৪ ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে দোষীক কৰায়ত্ত কৰাত ব্যৰ্থ হলে আছুই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি হুংকাৰ দিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই।

Leave a Comment