অসম

আছু কৰ্মী অনিমেষ ভূঞা হত্যাকাণ্ডৰ ঘটনাৰ সৈতে জড়িত পাঁচজন লোকক গ্ৰেপ্তাৰ…

যোৰহাট চহৰৰ মাজমজিয়াত দিন দুপৰতে গণ প্ৰহাৰত মৃত্যু হোৱা ছাত্ৰ নেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য।

ইতিমধ্যে ঘটনাৰ সৈতে জড়িত দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

photo-2021-11-29-19-28-55

ইতিমধ্যে যোৰহাট আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছে।

যোৰহাট আক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক কেইজন হৈছে ক্ৰমে- অবিনাশ বৰা, সুভাষ বৰা, বিক্ৰম দাস, বিতোপন দাস আৰু দেৱ দাস।

উল্লেখ্য যে, এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি একাংশ উত্তেজিত লোকে অনিমেষ ভূঞাসহ অন্য দুজন লোকক নিৰ্মমভাৱে প্ৰহাৰ কৰে।

একাংশ লোকৰ গণপ্ৰহাৰৰ ফলত সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মী অনিমেষ ভূঞাৰ কৰুণ মৃত্যু হয়।

দিনৰ পোহৰত আৰক্ষীৰ চকুৰ সন্মুখত সংঘটিত হোৱা এই ভয়ংকৰ ঘটনাৰ পাছতে এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আৰক্ষী প্ৰশাসনক দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ বাবে ২৪  ঘণ্টাৰ সময়সীমা বান্ধি দিছে।

লগতে চাওকঃ

তৃতীয় মহলাৰ ওপৰৰ বাৰাণ্ডাৰ পৰা পৰি ডেৰ বছৰীয়া শিশুৰ মৃত্যু

Leave a Reply

Your email address will not be published. Required fields are marked *