চৰকাৰী হাস্পতালত জন্মলাভ কৰা কন্যা শিশুক সোন-ৰূপৰ লকেট উপহাৰ দি জনালে নৱবৰ্ষৰ শুভেচ্ছা

নিউজ ডেস্ক। নৱবৰ্ষৰ পহিলা দিনটোত মধ্য প্ৰদেশৰ এখন চৰকাৰী হাস্পতালত জন্মগ্ৰহণ কৰা কন্যা শিশুক সোণৰ লকেট উপহাৰ দি ধৰাৰ বুকুলৈ আদৰণি জনালে এটা সমাজসেৱী সংস্থাই।

মধ্যপ্ৰদেশৰ বেতুলৰ জিলা চিকিৎসালয়ত নৱজাতক কন্যা শিশুসকলৰ মাতৃক সোন আৰু ২০২১ বৰ্ষত জন্মলাভ কৰা কন্যা শিশুৰ মাতৃক ৰূপৰ লকেট উপহাৰ দি নৱবৰ্ষৰ শুভেচ্ছা জনায় সমাজসেৱী সংস্থাটোৱে।

5

সংস্থাটোৰ এই পদক্ষেপে এতিয়া সমগ্ৰ দেশৰ মন জয় কৰিছে।

ভাৰতৰ বিভিন্ন প্ৰান্তত পুৰুষ আৰু মহিলাৰ মাজত থকা লিংগ বৈষম্য দূৰ কৰাৰ লক্ষ্যৰে সমাজসেৱী সংস্থাটোৱে ২০১৫ চনৰ পৰা এইদৰে জিলা হাস্পতালত জন্মগ্ৰহণ কৰা কন্যা শিশু আৰু তেওঁলোকৰ মাতৃক উপহাৰ প্ৰদান কৰি আহিছে।

এইবাৰো বছৰৰ প্ৰথম দিনটোত হাতত ফুলৰ থোপা লৈ তেওঁলোক উপস্থিত হয় বেতুল জিলা হাস্পতালত।

4

হাস্পতাল খনত ২০২২ বৰ্ষত জন্মলাভ কৰা ৩ গৰাকী কন্যা শিশুৰ মাতৃক সোণৰ লকেট আৰু ২০২১ত জন্মগ্ৰহণ কৰা ২০ গৰাকী কন্যা শিশুৰ মাতৃক ৰূপৰ লকেট উপহাৰ দি নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰে সমাজসেৱী সকলে।

লিংগ বৈষম্য দূৰ কৰাৰ উদ্দেশ্যে সমাজসেৱী সকলে গ্ৰহণ কৰি অহা এই উদ্যোগৰ প্ৰশংসা কৰিছে বিভিন্ন জনে।

6

জিলা চিকিৎসালয়ৰ আৰএমঅ’ ডাঃ ৰাণু বাৰ্মাই কয় যে মাতৃসকলক সন্মান জনোৱাৰ আৰু কন্যা সন্তানৰ জন্মৰ সময়ত কন্যাসকলক এনে উপহাৰ দিয়াৰ এক ভাল পৰম্পৰা আছে।

এই পৰম্পৰাই কন্যাসকলৰ প্ৰতি মানুহৰ ইতিবাচক মনোভাৱ সৃষ্টি কৰিব।

Leave a Comment