অসম

চোৰৰ ৰূপত খাকী পোছাকধাৰী, CCTVত আবদ্ধ চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য…

পুনৰ আৰক্ষীৰ খাকী পোছাকত লাগিল কলিমা।

চোৰৰ ৰূপত খাকী পোছাকধাৰী!

চুৰিকাৰ্যৰ সমগ্ৰ দৃশ্য বন্দী হ’ল চিচি টিভিত।

মহানগৰীৰ বশিষ্ঠত সংঘটিত এই ঘটনা।

জানিব পৰা মতে, গুৱাহাটী মহানগৰীৰ বেলতলাত থকা এটা ব্যক্তিগত কাৰ্যায়ত কোনো নথকাৰ সুযোগ লৈ এজন খাকী পোচাকধাৰী লোকে কাৰ্যালয়টোৰ এগৰাকী কৰ্মচাৰীৰ বেগ চুৰি কৰি লৈ যায়।

যি বেগত কাৰ্যালয়টোৰ বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ লগতে বেগৰ গৰাকীৰো বেংকৰ কাগজ, পৰিচয় পত্ৰ আদি আছিল বুলি জানিবলৈ দিয়ে।

চুৰি হোৱাৰ সময়ত কাৰ্যালয়টোৰ তিনিগৰাকী কৰ্মচাৰীৰ এগৰাকী চুটিত থকাৰ বিপৰীতে এগাৰকী কাৰ্যালয়ৰে কোনো কামত ওলাই যোৱাৰ বিপৰীতে আন এগৰাকীয়ে মাথো কেই মিনিটৰ বাবে বাহিৰলৈ চাহ খোৱাৰ বাবে ওলাই অহাৰ সময়তে খাকী পোচাকধাৰী এজনে জুমি জুমি চাই কোনো নথকাৰ সুযোগ লৈ বেগ এটা লৈ তাৰ পৰা উধাও হয়।

ঘটনা সন্দৰ্ভত ইতিমধ্যে কাৰ্যালয়টোৰ লোকগৰাকীয়ে বশিষ্ঠ থানাত চিচি টিভিৰ কেমেৰাত বন্দী হোৱা দৃশ্য প্ৰমাণ সহকাৰে দাঙি ধৰি গোচৰ দাখিল কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *