চুৰিৰ সন্দেহত কিশোৰক শাৰীৰিক-মানসিক নিৰ্যাতন আছু নেতাৰ! ল’লে চৰম পন্থা…

নিউজ ডেস্কঃ দোকানত চুৰি কৰাৰ অভিযোগত এটি ১৫ বছৰীয়া কিশোৰক শাৰীৰিকভাৱে প্ৰহাৰ কৰিছিল ছাত্ৰ সংগঠনৰ সদস্যই।

ইয়াৰ পিছতে আত্মহননৰ পথ বাচি লৈছিল কিশোৰজনে।

গোৰেশ্বৰত সংঘটিত এই শোকাবহ ঘটনাৰ পিছতে আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ নেতাসহ ৩ জন লোকক।

G3
চুৰিৰ সন্দেহত কিশোৰক শাৰীৰিক-মানসিক নিৰ্যাতন আছু নেতাৰ! ল’লে চৰম পন্থা... 3

আনহাতে ইতিমধ্যে ছীল কৰা হৈছে ডেফেলি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়টোও।

জানিব পৰা মতে, প্ৰায় ৬ মাহ পূৰ্বে গোৰেশ্বৰৰ নাওকাটাৰ এখন দোকানত সংঘটিত হৈছিল চুৰিকাণ্ড। ঘটনাৰ পিছত আৰক্ষীয়ে তদন্ত চলাইছিল যদিও সন্ধান লাভ কৰা নাছিল চোৰৰ।

আনহাতে শনিবাৰে মিঠুন কুমাৰ নামৰ ১৫ বছৰীয়া কিশোৰজনে পূৰ্বৰ চুৰি স্থানলৈ কাম কৰিবলৈ যোৱাত আঞ্চলিক ছাত্ৰসন্থাৰ একাংশ সদস্যই কিশোৰজনকে চোৰ সজাই শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলায়।

যাৰ বাবে মানসিকভাৱে ভাগি পৰা কিশোৰজনে সেইদিনাই নিশা কামৰ পৰা উভতি অহাৰ পিছত নিজ বাসগৃহত আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লয়।

পশ্চিম নাওকাটা নিৱাসী মিঠুন কুমাৰ আছিল পৰিয়ালটোৰ একামত্ৰ উপাৰ্জনকাৰী। কিন্তু তেওঁৱো এনেদৰে আত্মহনন কৰাত শোকত ভাগি পৰিছে মাতৃ। আনহাতে আছু নেতাৰ নিৰ্যাতনৰ বলি হৈয়ে পুত্ৰই জীৱন ত্যাগ কৰা বুলি অভিযোগ কৰিছে মাতৃয়ে।

মাতৃৰ এই অভিযোগৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পূজ ডেফেলি আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক উৎপল কুমাৰসহ তিনিজনক। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

লগতে চাওকঃ

মুখ্যমন্ত্ৰীৰ বিশেষ টুইটৰ পিছতে মুকলি আকাশৰ তললৈ ‘মহাদেৱ’ বিৰিঞ্চি বৰা…

himu siva
চুৰিৰ সন্দেহত কিশোৰক শাৰীৰিক-মানসিক নিৰ্যাতন আছু নেতাৰ! ল’লে চৰম পন্থা... 4