
চিৰিৰ পৰা পিচলি পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কণ্ঠশিল্পী জুবিন, হাস্পতালত ভৰ্তি…
নিউজ ডেস্কঃ দুৰ্ঘটনাত পতিত বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন নটিয়াল।
নিজ আৱাসগৃহত দুৰ্ঘটনাত পতিত হৈ মুম্বাইৰ হাস্পতালত ভৰ্তি হৈ আছে কণ্ঠশিল্পীগৰাকী।
জানিব পৰা মতে, বৃহস্পতিবাৰে নিজৰ ঘৰত চিৰিৰ পৰা পিচলি পৰিছিল জুবিন।
যাৰ ফলত কঁকাল, কলাফুল, সোঁহাত আৰু মূৰত আঘাত পায় কণ্ঠশিল্পীগৰাকীয়ে।
লগতে লগে তেওঁক ভৰ্তি কৰা হয় মুম্বাইৰ এখন ব্যক্তিগত হাস্পতালত।
সূত্ৰৰ খবৰ অনুসৰি, জুবিনৰ সোঁহাতখনৰ অস্ত্ৰোপচাৰ কৰা হ’ব।
উল্লেখ্য যে, অতি কম সময়ৰ ভিতৰতে দৰ্শকৰ মাজত নিজৰ ঠাই দখল কৰিবলৈ সক্ষম হৈছিল জুবিনে।
শেহতীয়াকৈ তেওঁ কণ্ঠদান কৰা ‘তু চামনে আয়ে’, ‘মানিকে’, বনা চৰাবি’ আদি গীতেও লাভ কৰিছে শ্ৰোতাৰ অভূতপূৰ্ব সমাদৰ।
কণ্ঠশিল্পীগৰাকীৰ দুৰ্ঘটনাৰ খবৰে অনুৰাগীসকলক বিচলিত কৰিছে।
জুবিনৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনাইছে তেওঁৰ গুণমুগ্ধসকলে।





