আন্তঃৰাষ্ট্ৰীয়

চিৰিয়াখানালৈ যাওতে সাৱধান! চিৰিয়াখানাৰ জন্তুক জোকাই ভাল সেকা পালে এজনে…

চিৰিয়াখানা চাবলৈ যোৱাটো হয়তো আপোনাৰো চখ আছে।

কিন্তু চিৰিয়াখানা চাবলৈ গৈ বন্ধ জীৱ জন্তুক জোকাই নেকি? যদি জোকাই এতিয়াৰে পৰা সাৱধান হওক।

কিন্তু চিৰিয়াখানাৰ জন্তুক জোকাই এইবাৰ ভাল সেকা পালে এজন যুৱকে।

চিৰিয়াখানাত এটা ওৰাংওটানক (এবিধ ডাঙৰ জাতিৰ বান্দৰ) জোকাই এজন যুৱক কেনে এক বিপদৰ সন্মুখিন হ’ল সেই ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

চিৰিয়াখানাত বন্ধ পিঞ্জৰাৰ ভিতৰত থকা ওৰাংওটানটোৱে যুৱকজনৰ টি ছাৰ্টত ধৰি যুৱকজনক প্ৰায় গবা মাৰি ধৰিছে।

একো কৰিয়ে যুৱকজনে ওৰাংওটানটোৰ কব্জাৰ পৰা ওলাব পৰা নাই।

আন এজন লোক সহায়ৰ বাবে আহিছে যদিও ওৰাংওটানটোৱে তেওঁকো আক্ৰমণ কৰি খেদিছে।

ইণ্ডোনেছিয়াৰ এখন চিৰিয়াখানাত সংঘটিত হৈছে এই ঘটনা।

অৱশ্যে ভিডিঅ’টো দেখালৈকে ওৰাংওটানটোৱে কোনোধৰণৰ হানি নকৰিলে যুৱকজনক।