অসম

চিকিৎসালয়ৰ শিশুৰ যতন কক্ষত ভয়ংকৰ অগ্নিকাণ্ড, কথমপি প্ৰাণ ৰক্ষা ১৪টি শিশুৰ…

গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড।

শিশুৰ বিশেষ যতন কক্ষত অগ্নি কাণ্ড সংঘটিত হয়।

জুই লগা ঠাইত আছিল ১৪ টিকৈ শিশু।

অৱশ্যে চিকিৎসাকৰ্মীৰ তৎপৰতা আৰু অভিভাৱকৰ বাবে কথমপি প্ৰাণ ৰক্ষা পৰে শিশু কেইটাৰ।

অৱশেষত দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে।

শুক্ৰবাৰে পুৱা প্ৰায় ৯ মান বজাত সংঘটিত হয় এই অগ্নিকাণ্ড।

ঘটনাৰ ফলত আতংকিত হৈ পৰে বহু শিশুৰ অভিভাৱক সকল।

শ্বৰ্ট-চাৰ্কিটৰ ফলতে জুই লগা বুলি সন্দেহ প্ৰকাশ আৰক্ষীৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *