অসম

কৃষকৰ প্ৰতিবাদত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে, বাতিল কৰা হ’ল ৩ কৃষি আইন…

কৃষকৰ প্ৰতিবাদত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে।

অৱশেষত বিতৰ্কিত ৩ কৃষি আইন বাতিলৰ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।

শুক্ৰবাৰে প্ৰধান মন্ত্ৰী মোদীয়ে দেশবাসীক সম্বোধন কৰি এই ঘোষণা কৰে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়- কেন্দ্ৰীয় চৰকাৰে কৃষক সকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে। ক্ষুদ্ৰ কৃষক সকলৰ ভিতৰত বাবে কাম কৰি আহিছে।

লগতে প্ৰতিবাদ কাৰী কৃষক সকলক ঘৰলৈ উভতি যাবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে আহিবলগীয়া সংসদৰ অধিৱেশনত প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া চলোৱা হ’ব তিনি কৃষি আইনৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *