অসমীয়াত্ৰিপুৰা

চাঞ্চল্যকৰ! BSFৰ মুখ্য কাৰ্যালয়ত উদ্ধাৰ তেজেৰে তুমুৰলি হৈ পৰি থকা কনিষ্টবলৰ মৃতদেহ…

নিউজ ডেস্কঃ ত্ৰিপুৰাৰ খোৱাই জিলাস্থিত বিএছএফৰ মুখ্য কাৰ্যালয়ত এগৰাকী কনিষ্টবলৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

খোৱাই জিলাৰ তেলিয়ামুৰা অঞ্চলৰ খাছিয়ামংগলত থকা ছেক্টৰ হেডকোৱাৰ্টাৰত কৰ্তব্যৰত জোৱানজনৰ মৃতদেহ শনিবাৰে তেজেৰে তুমুৰলি হৈ পৰি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হয় চাঞ্চল্যৰ।

photo1662210287

মৃত কনিষ্টবলজনৰ পৰিচয় বালু ৰাম কুৰি (৩২) বুলি জানিব পৰা গৈছে। ৰাজস্থান লাডনু জিলাৰ ইন্দ্ৰপুৰা অঞ্চলৰ নিৱাসী জোৱানজন বিএছএফৰ ৮੦ নং বেটেলিয়নত কৰ্মৰত আছিল।

বাতৰি অনুসৰি, ছেক্টৰটোৰ মুখ্য কাৰ্যালয়ৰ ভিডিঅ’ কনফাৰেন্স ৰুমত তেজৰ লুতুৰি পুতুৰি হৈ পৰি থকা মৃতদেহটো চিষ্টেমটোৰ ৰক্ষণাবেক্ষণৰ বাবে অহা হেড কনিষ্টবলজনে প্ৰথমে প্ৰত্যক্ষ কৰে।

photo1662209585

অৱশ্যে জোৱানজনৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

তেলিয়ামুৰাৰ এছডিপিঅ’ সোণাচৰণ জামাতিয়াই জানিবলৈ দিয়া মতে, ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে। জোৱানজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।