চাঞ্চল্যকৰ! সেনাৰ পোছাক পিন্ধি চাইবাৰ অপৰাধীয়ে লুটি লৈ গ’ল চিকিৎসক দম্পতীৰ লক্ষাধিক টকা

নিউজ ডেস্কঃ চাইবাৰ অপৰাধীয়ে সেনাৰ ভেশ লৈ ডিব্ৰুগড়ৰ এহাল চিকিৎসক দম্পতীৰ পৰা ডেৰ লাখৰো অধিক টকা সৰকাই নিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অভিযোগ অনুসৰি, ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ নিৱাসী তথা অসম চিকিৎসা মহাবিদ্যালয়ৰ মানসিক ৰোগ বিভাগৰ চিকিৎসক ডাঃ শান্তনু বৰাৰ পত্নী তথা দন্ত চিকিৎসক ডাঃ শিল্পীকা চুতীয়াৰ বেংক একাউণ্টৰ পৰা ডেৰ লাখৰো অধিক টকা কৌশলেৰে সৰকাই লৈ যায় চাইবাৰ অপৰাধীৰ দলে।

photo1662208006 1
চাঞ্চল্যকৰ! সেনাৰ পোছাক পিন্ধি চাইবাৰ অপৰাধীয়ে লুটি লৈ গ’ল চিকিৎসক দম্পতীৰ লক্ষাধিক টকা 2

চিকিৎসক দম্পতীহালে জানিবলৈ দিয়া মতে, সেনাৰ ডিব্ৰুগড়ৰ মোহনবাৰীৰ শিৱিৰৰ পৰা ৩০ জনীয়া সেনাৰ এটা দলে দন্ত চিকিৎসক গৰাকীৰ ওচৰলৈ অহাৰ বাবে বহুদিন ধৰি যোগাযোগ কৰি আছিল। প্ৰথম অৱস্থাত এই বিষয়ে চিকিৎসক ডা০ শিল্পীকা চুতীয়াই গুৰুত্ব দিয়া নাছিল যদিও সেনাৰ পোছাক পিন্ধি তেওঁলৈ ভিডিঅ’ কল কৰাত আৰু সেনাৰ প্ৰতি থকা অনুগত্যৰ বাবে অৱশেষত ১০ জনকৈ তেওঁৰ চেম্বাৰলৈ আহিবলৈ অনুমতি প্ৰদান কৰে।

ইফালে ভুৱা সেনাৰ দলটোৱে চিকিৎসক শিল্পীকা চুতীয়াকৈ চিকিৎসাৰ ফীজ আগতীয়াকৈ দিয়াৰ চলেৰে কৌশলেৰে বেংক একাউণ্ট নম্বৰ সংগ্ৰহ কৰে আৰু পৰৱৰ্তী সময়ত তেওঁৰ বেংক একাউণ্টত থকা ডেৰ লাখৰো অধিক টকা সৰকাই লৈ যায়।

ইফালে পিছত এই বিষয়ে জানিব পাৰি চিকিৎসক দম্পতীহালে ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ কাষ চাপিছে। কিন্তু আৰক্ষীয়ে এতিয়াও চাইবাৰ অপৰাধীৰ দলটোৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই।

উল্লেখ্য যে, ৰাজ্যত শেহতীয়াকৈ এনে চাইবাৰ অপৰাধৰ ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। দুদিনমানৰ পূৰ্বে ডিব্ৰুগড়ৰে শ্মশানপাৰাৰ শিপ্রা চক্রবর্তী আৰু সঞ্জিত চক্রবর্তী নামৰ দম্পতীহালৰ পৰাও চাইবাৰ অপৰাধী চক্ৰই ১৬ লাখ টকা লুটি নিয়াৰ ঘটনা সংঘটিত হৈছিল।