চাঞ্চল্যকৰ! যাত্ৰা কৰিবলগীয়া বিমান ধৰিব নোৱাৰাৰ ভয়ত বিমানবন্দৰত সৃষ্টি বোমাতংকৰ, গ্ৰেপ্তাৰ মহিলা যাত্ৰী…

নিউজ ডেস্কঃ বিমানবন্দৰত পলমকৈ উপস্থিত হৈ বিমানখন ধৰিব নোৱাৰাৰ ভয়ত বিমানবন্দৰত বোমাতংকৰ সৃষ্টি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ এগৰাকী মহিলা যাত্ৰী।

শুকুৰবাৰে এই ঘটনা সংঘটিত হয় বাংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত।

অভিযোগ অনুসৰি, শুকুৰবাৰে বিমানেৰে কলকাতালৈ যাত্ৰা কৰাৰ কথা আছিল কেৰালাৰ কোঝিকোড নিৱাসী মানসী সাথিবাইনু নামৰ মহিলা যাত্ৰীগৰাকীয়ে।

কিন্তু তেওঁ বিমান এৰাৰ মাত্ৰ কেই মুহূৰ্তমান পূৰ্বে পুৱা প্ৰায় ৮.২০ বজাত বিমান বন্দৰত উপস্থিত হয় আৰু নিয়ম উলংঘা কৰি খৰখেদাকৈ নিজৰ বিমানখন ধৰিবলৈ চেষ্টা চলায়।

সেই সময়ত কৰ্তব্যৰত চিআইএছএফৰ বিষয়া সন্দীপ সিঙে মহিলাগৰাকীক বাধা প্ৰদান কৰাত তেওঁৰ মুখত এটা প্ৰচণ্ড ঘোচা শোধাই বিমানবন্দৰটো বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়ে মহিলাগৰাকীয়ে।

আনকি বিমানবন্দৰৰ আন যাত্ৰীসকলৰ মাজতো বিমানবন্দৰত বোমা থকা বুলি মিছা আতংকৰ সৃষ্টি কৰে মানসী সাথিবাইনু নামৰ মহিলা যাত্ৰীগৰাকীয়ে।

ইফালে, মানসীৰ এই কার্যৰ পাছত চি আই এছ এফৰ বিষয়া সন্দীপ সিঙে আৰক্ষীক অভিযোগ দাখিল কৰে৷

যাৰ পৰৱৰ্তী সময়ত আৰক্ষীয়ে বিমানবন্দৰত মিছা আতংকৰ সৃষ্টি কৰা, কৰ্তব্যৰত চিআইএছএফ জোৱানক আঘাত কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিলা যাত্ৰীগৰাকীক।