চাঞ্চল্যকৰ! প্ৰেমিকৰ এপাৰ্টমেণ্টৰ চতুৰ্থ মহলাৰ পৰা তলত পৰি মৃত্যু বিমান পৰিচাৰিকা অৰ্চনাৰ, হত্যাৰ অভিযোগ মাতৃৰ…

নিউজ ডেস্কঃ প্ৰেমিকৰ হাতত মৃত্যুৰ বলি হ’ল এগৰাকী বিমান পৰিচাৰিকা!

কৰ্ণাটকৰ বাংগালুৰুত এগৰাকী ২৮ বৰ্ষীয় বিমান পৰিচাৰিকাৰ মৃত্যুৰ পিছতে এই অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীৰ মাতৃয়ে।

জানিব পৰা মতে, বাংগালুৰুৰ কোৰামাংগালাত শুকুৰবাৰে নিশা ৰেণুকা ৰেচিডেন্সি নামৰ এপাৰ্টমেণ্ট কমপ্লেক্সৰ চতুৰ্থ মহলাৰ পৰি মৃত্যু ঘটে অৰ্চনা ধীমান নামৰ ২৮ বৰ্ষীয় বিমান পৰিচাৰিকাগৰাকীৰ।

জানিব পৰা মতে, প্ৰেমিক আদেশক লগ কৰিবলৈ তেওঁৰ এপাৰ্টমেণ্টলৈ গৈছিল অৰ্চনা।

আৰক্ষীয়ে প্ৰাথমিক তদন্তত যুৱতীগৰাকীৰ মৃত্যু এক দুৰ্ঘটনা বুলি মন্তব্য কৰিলেও এই কথা অস্বীকাৰ কৰে তেওঁৰ মাতৃয়ে।

আৰক্ষীৰ মতে, শুকুৰবাৰে নিশা যুৱতীগৰাকীয়ে এপাৰ্টমেণ্টৰ চতুৰ্থ মহলাৰ বেলকনিত থিয় হৈ থকা সময়তে অসাৱধানবশতঃ ভৰি পিচলি তলত বাগৰি পৰে।

আৰক্ষীৰ মতে, এই ঘটনা সংঘটিত হোৱাৰ সময়ত সুৰাপান কৰি আছিল প্ৰেমিক যুটীটোৱে।

কিন্তু বিমান পৰিচাৰিকাগৰাকীৰ মাতৃয়ে অভিযোগ কৰা মতে, বেলকনিৰ পৰা গতা মাৰি তললৈ পেলাই তেওঁৰ কন্যাক পৰিকল্পতিভাৱে হত্যা কৰিছে প্ৰেমিক যুৱকজনে।

জানিব পৰা মতে, হিমাচলপ্ৰদেশৰ নিৱাসী অৰ্চনা ধীমান এটা সুপৰিচিত বিমান কোম্পানীৰ বিমান পৰিচাৰিকা হিচাপে কৰ্মৰত আছিল।

আনহাতে প্ৰেমিক আদেশ আছিল পেছাত এজন চফ্টৱেৰ ইঞ্জিনিয়াৰ।

শুকুৰবাৰে ডুবাইৰ বিমানৰ পৰা অৱতৰণৰ পিছতে প্ৰেমিক আদেশক লগ কৰিবলৈ এপাৰ্টমেণ্টলৈ আহিছিল অৰ্চনা।

আৰক্ষীয়ে ইতিমধ্যে মাতৃৰ এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।