নিউজ ডেস্ক। পুনৰ বহিঃৰাজ্যত মৃত্যু আন এজন অসমীয়া যুৱকৰ।
এইবাৰ কেৰালাত অকাল মৃত্যুক সাৱটিলে তামুলপুৰৰ দুলু ৰাজবংশী নামৰ যুৱকজনে।
বিগত ৬ বছৰে কেৰালাৰ ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল তামুলপূৰ জিলাৰ সৌৰাগুৰি গাঁৱৰ যুৱকজন।

কিন্তু মঙ্গলবাৰে নিশা ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লয় দুলু ৰাজবংশীয়ে।
যুৱকজনৰ সৈতে একেলগে কাম কৰা দুই সতীৰ্থই পৰিকল্পতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে।
অভিযোগ অনুসৰি, মঙ্গলবাৰে নিশা দুলুক নিচাজাতীয় সামগ্ৰী খুৱাই অচেতন কৰিছিল লক্ষ্মী আৰু মনোৰঞ্জন নামৰ সতীৰ্থ দুজনে।

তাৰ পিছতে দুয়োজনে দুলুক ডিঙি চেপি হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ।
ইতিমধ্যে কেৰালা আৰক্ষীয়ে আটক কৰিছে লক্ষ্মী আৰু মনোৰঞ্জন নামৰ যুৱক দুজনক।
বহিঃৰাজ্যত দুলু ৰাজবংশীৰ মৃত্যুৰ খবৰ লাভ কৰি শোকত ভাগি পৰিছে তেওঁৰ পৰিয়াল।









