চাঞ্চল্যকৰ! নিজৰ অজ্ঞাতে পত্নীৰ মৃতদেহৰ সৈতে ৫০০ কিলোমিটাৰ ৰে’লযাত্ৰা এজন ব্যক্তিৰ…

নিউজ ডেস্কঃ নিজৰ অজ্ঞাতে পত্নীৰ মৃতদেহৰ সৈতে ৫০০ কিলোমিটাৰ ৰে’ল যাত্ৰা কৰিলে এজন ব্যক্তিয়ে। বহু সময়ৰ পিছত শুই থকা পত্নীক জগাবলৈ চেষ্টা কৰাতহে তেওঁ পত্নীৰ মৃত্যুৰ কথা জানিব পাৰিলে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে পঞ্জাৱৰ লুধিয়ানাৰ পৰা বিহাৰ অভিমুখী মৰধ্বজ এক্সপ্ৰেছ ৰে’লত।

দৰাচলতে মৰধ্বজ এক্সপ্ৰেছৰে লুধিয়ানাৰ পৰা পত্নীসহ বিহাৰৰ ঔৰাংগাবাদলৈ উভতিছিল নবীন কুমাৰে। ৰে’লৰ উঠাৰ পিছতে পত্নী উৰ্মিলাই ঠাণ্ডাৰ বাবে কাপোৰ উৰি নিজৰ চিটত শুই পৰিছিল। ইতিমধ্যে তেওঁলোকে অতিক্ৰম কৰিছিল ৫০০ কিলোমিটাৰৰো অধিক পথ।

image 141
চাঞ্চল্যকৰ! নিজৰ অজ্ঞাতে পত্নীৰ মৃতদেহৰ সৈতে ৫০০ কিলোমিটাৰ ৰে’লযাত্ৰা এজন ব্যক্তিৰ… 3

মহিলাগৰাকী বহু সময়ৰ পৰা একেৰাহে শুই থকাত নবীন কুমাৰৰ কাষৰ চিটত বহা লোকসকলে তেওঁক পত্নীক এবাৰ চাবলৈ কয়। তাৰ পিছতে নবীন কুমাৰে যেতিয়া পত্নী উৰ্মিলাক জগাবলৈ চেষ্টা কৰে তেতিয়াই পত্নীক মৃত অৱস্থাত উদ্ধাৰ কৰে।

ইয়াৰ পিছতে ডবাৰ ভিতৰত এক চেপা উত্তেজনাই বিৰাজ কৰে। কোনো যাত্ৰীয়ে এই ঘটনা সন্দৰ্ভত ৰে’লৱে আৰক্ষীক অৱগত কৰাত পিছত উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত আৰক্ষীয়ে নবীন কুমাৰক ৰে’লৰ পৰা নমাই নিয়াৰ লগতে পত্নী উৰ্মিলাৰ মৃতদেহটো মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

image 140
চাঞ্চল্যকৰ! নিজৰ অজ্ঞাতে পত্নীৰ মৃতদেহৰ সৈতে ৫০০ কিলোমিটাৰ ৰে’লযাত্ৰা এজন ব্যক্তিৰ… 4

নবীন কুমাৰে আৰক্ষীক জানিবলৈ দিয়া মতে, তেওঁ লুধিয়ানাত শ্ৰমিক হিচাপে কৰ্মৰত আছিল। তেওঁৰ পত্নী উৰ্মিলাই ঘৰলৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰাত তেওঁ পত্নীৰ সৈতে ৰে’লযোগে ঔৰাংগাবাদৰ ঘৰলৈ উভতিছিল। আৰু তেতিয়াই তেওঁৰ অজ্ঞাতে এই ঘটনা সংঘটিত হয়।

আৰক্ষীয়ে উৰ্মিলা নামৰ মহিলাগৰাকীৰ মৃত্যু হৃদৰোগত আক্ৰান্ত হৈ হোৱা বুলি জানিবলৈ দিছে। অন্যহাতে একেলগে ৫০০ কিলোমিটাৰ যাত্ৰা কৰাৰ পিছতহে নবীনে পত্নীৰ মৃত্যুৰ বিষয়ে জানিব পৰা বুলিও মন্তব্য কৰিছে আৰক্ষীয়ে।