চাঞ্চল্যকৰ! কেন্দ্ৰীয় মন্ত্ৰীৰ বাসগৃহত আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ, বেলকনি-বাৰাণ্ডাত তেজৰ চেকুৰা…

নিউজ ডেস্কঃ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ভি মুৰুলীধৰণৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ।

কেৰালাৰ উল্লুৰস্থিত মন্ত্ৰীগৰাকীৰ বাসগৃহ লণ্ডভণ্ড কৰে দুৰ্বৃত্তই।

অচিনাক্ত দুৰ্বৃত্তই ভাঙি থৈ যায় ঘৰৰ খিৰিকিৰ আইনা।

বেলকনি আৰু বাৰাণ্ডাতো পৰিলক্ষিত হৈছে তেজৰ চেকুৰা।

বৃহস্পতিবাৰে পুৱা চাফ-চিকুণ কৰিবলৈ অহা এগৰাকী মহিলাই ঘৰখনৰ এই অৱস্থা প্ৰত্যক্ষ কৰাৰ পিছতে অৱ্গত কৰে আৰক্ষীক।

তাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

অৱশ্যে প্ৰাথমিক তদন্তত এয়া কোনো ডকাইতি কাণ্ড নহয় বুলি মন্তব্য কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, তলাবন্ধ ঘৰটোত প্ৰৱেশ কৰিবলৈ কোনো চেষ্টা চলোৱা নাছিল দুৰ্বৃত্তই।

উল্লেখ্য যে, তিৰুৱান্তপুৰম ভ্ৰমণৰ সময়ত এই ঘৰটোতে থাকে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰুলীধৰণ।

ঘৰটোৰ পিছফালে আছে মন্ত্ৰীগৰাকীৰ কাৰ্যালয়ো।

অৱশ্যে দুৰ্বৃত্তৰ আক্ৰমণৰ সময়ত ঘৰত নাছিল কোনো ব্যক্তি।

আৰক্ষীয়ে ঘটনাৰ তদন্তৰ বাবে চুবুৰীয়াৰ চিচিটিভি ফুটেজো সংগ্ৰহ কৰিছে।