অসমীয়াৰাষ্ট্ৰীয়

চাঞ্চল্যকৰ! কন্যাৰ শিক্ষাৰ বাবে লোন নিদিয়াৰ বাবেই হাতত বন্দুক লৈ বেংকত উপস্থিত হ’ল এগৰাকী সন্যাসী

নিউজ ডেস্কঃ বিদেশত অধ্যয়নৰত কন্যাৰ শিক্ষাৰ বাবে লোন নিদিয়াৰ বাবেই হাতত বন্দুক লৈ বেংকত উপস্থিত হ’ল এগৰাকী সাধু। বেংকৰ কৰ্মচাৰীক তেওঁ ভাবুকি প্ৰদান কৰাৰ লগতে সমগ্ৰ ঘটনাৰ ফেচবুক লাইভো কৰে সাধু গৰাকীয়ে। অৱশ্যে পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে ব্যক্তিজনক।

এনে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে তামিলনাডুৰ তিৰুৱাৰুৰত। জানিব পৰা মতে, তিৰুৱাৰু জিলাৰ মূলাংগুড়ি গাঁৱৰ নিৱাসী তিৰুমুলাই স্বামী নামৰ সন্যাসীজনে সংঘটিত কৰে এই ঘটনা। ইডি-মিনাল (বজ্ৰ আৰু ধুমহা) সংগমম চলোৱা সন্যাসীগৰাকীৰ কন্যা বৰ্তমান চীনত মেডিকেল শিক্ষা গ্ৰহণ কৰি আছে।

image 174

কন্যাৰ শিক্ষাৰ বাবেই লোন বিচাৰি সন্যাসী তিৰুমুলাই স্বামীয়ে চিটি বেংকলৈ যায়। কিন্তু তাত বেংকৰ কৰ্মচাৰীয়ে লোন প্ৰদানৰ সলনি সম্পত্তিৰ কাগজ বিচৰাত সেয়া দিবলৈ অমান্তি হয় সন্যাসীজন।

যাৰ বাবে তেওঁক বেংক কৰ্তৃপক্ষই ঋণ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে। তাৰ পিছতে তিৰুমুলাই স্বামীয়ে ঘৰলৈ আহি হাতত বন্দুক লৈ পুনৰ বেংকটোত উপস্থিত হয়। লোন নিদিয়াৰ বাবেই তেওঁ ভাবুকি প্ৰদান কৰিবলৈ অহা বুলি কৈ সমগ্ৰ ঘটনাৰ তেওঁ ফেচবুক লাইভো আৰম্ভ কৰে।

image 175

সন্যাসী জনৰ এনে সন্ত্ৰাসে বেংকৰ ভিতৰত আতংকৰ সৃষ্টি কৰাৰ সময়তে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল। পিছত আৰক্ষীয়ে সাধু তিৰুমুলাই স্বামীক গ্ৰেপ্তাৰ কৰে।