ৰহস্যজনক! অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী নমিতা ৰাজবংশী সন্ধানহীন, পৰিয়ালত হাহাকাৰ…

এক চাঞ্চল্যকৰ ঘটনা।

অষ্টম শ্ৰেণীত অধ্যয়ণৰত এগৰাকী ছাত্ৰী সন্ধানহীন, পৰিয়ালত হাহাকাৰ।

বিশ্বনাথৰ বিহালীৰ নাচবৰ বৰজুলিৰ গুপচৰৰ সংঘটিত হৈছে এই নিৰুদ্দেশৰ ঘটনা।

সন্ধানহীন ছাত্ৰীগৰাকী স্থানীয় ৰূপম ৰাজবংশীৰ কন্যা তথা অষ্টম মান শ্ৰেণীৰ ছাত্ৰী নমিতা ৰাজবংশী বুলি জানিব পৰা গৈছে।

জানিব পৰামতে নমিতা ৰাজবংশী নামৰ ছাত্ৰীগৰাকী যোৱা সোমবাৰৰ সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছে।

লগৰ বান্ধৱীৰ সৈতে বিহালীৰ চাহ বাগিচাৰ ৮নং লাইনত ফুৰিবলৈ গৈ ঘূৰি আহে যদিও সন্ধিয়া ভাগৰ পৰা সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত ইতিমধ্যেই পৰিয়ালৰ লোকে বিহালী থানাত এখন এজাহাৰ দাখিল কৰিছে।

ছাত্ৰীগৰাকীৰ কোনো লোকে সন্ধান পালে 93805-31328 নম্বৰত অথবা স্থানীয় আৰক্ষীক খবৰ কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালৰ লোকে।