চাওক আপোনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ২৮ ছেপ্টেম্বৰ, বুধবাৰ

মেষ ৰাশি- আজি আপুনি কৰ্মক্ষেত্ৰত অধিক ব্যস্ত হ’ব পাৰে। পৰিয়ালটোত থাকিব সুখ আৰু শান্তি। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে দিনটো শুভ। ঘৰত কাৰোবাৰ বিয়াৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। ৰাজনীতিৰ সৈতে জড়িত সকলে নতুন দায়িত্ব লাভ কৰিব পাৰে। আয় বৃদ্ধি পাব। সমান্তৰালভাৱে আজি ব্যয়ো অধিক হব।

বৃষ ৰাশি- সামাজিক স্থানত সন্মান লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল লাভ কৰিব। আৰ্থিক সমস্যা হ’ব পাৰে। নতুন নতুন চাকৰিৰ সুযোগ দেখা দিব পাৰে। পৰিয়ালত সদ্ভাৱ থাকিব। অৱশ্যে পৰিয়ালৰ কোনো সদস্যৰ শাৰীৰিক অসুস্থতাই আপোনাক ব্যতিবস্ত কৰিব পাৰে। পত্নীৰ সৈতে কিছু সুখৰ মুহূৰ্ত পাৰ কৰাৰ সুযোগ পাব।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

মিথুন ৰাশি- কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বাঢ়িব। বিবাহিত জীৱনত কিছু সমস্যাৰ সৃষ্টি হব পাৰে। আপোনাৰ স্বাস্থ্যৰ যত্ন লওক। অফিচত সহকৰ্মীৰ কোনো কথা বা আচৰণত মন বেয়া লাগিব পাৰে। ব্যৱসায়িক সিদ্ধান্ত গ্ৰহণৰ সময়ত জ্যেষ্ঠ বা অভিজ্ঞজনৰ পৰামৰ্শ লওক। বস্ত্ৰ আদিৰ বাবদ খৰছ বাঢ়িব পাৰে।

কৰ্কট ৰাশি- পত্নীৰ সৈতে চলি থকা মতানৈক্যৰ অন্ত পেলাবলৈ সক্ষম হ’ব। ঘৰলৈ হঠাৎ অতিথিৰ আগমণ ঘটিব পাৰে। কৰ্মক্ষেত্ৰত অধিক কষ্ট কৰিব লাগিব পাৰে। পদোন্নতি আৰু বদলিৰ সুযোগ লাভ কৰিব পাৰে। বিত্তীয় পৰিস্থিতি আজি অনুকুল হ’ব। পৈত্তৃক সম্পত্তিৰ পৰা অৰ্থ উপাৰ্জন কৰিব পাৰিব। ব্যৱসায় সম্প্ৰসাৰণত ভাতৃৰ সহযোগিতা লাভ কৰিব।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

সিংহ ৰাশি- আৰ্থিক ক্ষেত্রত আজি এটা শুভ দিন হ’ব৷ ব্যৱসায়িক অৱস্থা উন্নত হ’ব। পাৰিবাৰিক সুখ থাকিব। বন্ধুৰ সহায় লাভ কৰিবলৈ সক্ষম হব। অফিচৰ জ্যেষ্ঠ বিষয়াসকলে কিবা এটা কথাত আপোনাৰ ওপৰত খং কৰিব পাৰে। ধৰ্মীয় অনুষ্ঠানত অংশ লোৱাৰ সুযোগ লাভ কৰিব পাৰে। মাতৃৰ স্বাস্থ্যৰ যতন লওক।

কন্যা ৰাশি- মানসিক শান্তি থাকিব। অৰ্থ প্ৰাপ্তি হব পাৰে। অৱশ্যে আজি আপোনাৰ আয়তকৈ অধিক ব্যয়ে জমা পু্ঞ্জিৰ ওপৰত প্ৰভাৱ পেলাব। ক’ৰবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। কামৰ প্ৰতি আপোনাৰ উৎসাহ বাঢ়িব। আজি আপুনি কিবা এটা কামত হঠাৎ সফলতা লাভ কৰি সুখী হ’ব।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- আৰ্থিকভাৱে আজি শক্তিশালী হব। পত্নীৰ সৈতে কোনো কাৰণত মনোমালিন্য ঘটিব পাৰে। আজি ধনৰ লেনদেনৰ ক্ষেত্ৰত আপুনি সাৱধান হোৱা উচিত। স্বাস্থ্যৰ প্ৰতি যত্ন লওক। ব্যৱসায়গত কাৰণত ভ্ৰমণ কৰিবলগীয়া হব পাৰে। ৰাজনীতিৰ সৈতে জড়িত সকলৰ বাবে দিনটো শুভ।

বৃশ্চিক ৰাশি- ভাতৃ-ভগ্নীৰ সহযোগিতা লাভ কৰিব। আজি কিছু ভাল খবৰ পাব পাৰে। খাদ্য-পানীয়ৰ যত্ন লওক অন্যথা স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। বন্ধুৰ সহায়ত আৰ্থিক অৱস্থা উন্নত হ’ব। বিবাহিত জীৱন সুখৰ হ’ব। প্ৰতিযোগিতামূলক পৰীক্ষাত আজি সফলতা লাভ কৰিবলৈ সক্ষম হব। শিশুৰ পৰা ভাল খবৰ পাব পাৰে।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

ধনু ৰাশি- আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হ’ব। ভ্ৰমণলৈ যাব পাৰে। শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাৰ বাবে দিনটো শুভ। আজি প্ৰেম জীৱনত এটা নতুন ৰূপ আহিব পাৰে। লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক। সন্তানৰ পঢ়া-শুনাক লৈ আপুনি হয়তো চিন্তিত হৈ পৰিব। বিত্তীয় লেনদেনৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰক।

মকৰ ৰাশি- খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। অবিবাহিত সকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। ব্যৱসায়ত লাভ অৰ্জন কৰিবলৈ সক্ষম হব। চৰকাৰী চাকৰিয়াল সকলো বদলিৰ সুযোগ লাভ কৰিব পাৰে। পত্নীৰ অনুভৱ বুজিবলৈ চেষ্টা কৰক। আজি ঘৰৰ পৰিবেশ সুখদায়ক হব। ঘৰত ধৰ্মীয় অনুষ্ঠান সম্পন্ন হব পাৰে।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

কুম্ভ ৰাশি- আজি আপুনি আপোনাৰ কামত আকাংক্ষিত সফলতা লাভ কৰিব। লেখা আৰু শিল্পৰ ক্ষেত্ৰৰ সৈতে জড়িত সকলে আজি সুনাম অৰ্জন কৰিবলৈ সক্ষম হব। পত্নীৰ লগত ভাল সময় পাৰ কৰিবলৈ সক্ষম হব। পৰিয়ালৰ কোনো সদস্যৰ সৈতে হোৱা সংঘাতে আপোনাৰ মানসিক শান্তি নষ্ট কৰিব পাৰে। দূৰ ভ্ৰমণৰ যোগ আছে।

মীন ৰাশি- আজি স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো ভাল। সমাজত সন্মান বাঢ়িব। আয় ভাল হব, জীৱনত ইতিবাচক ফল দেখা যাব। ব্যৱসায়িক বিষয়ত ধৈৰ্য্য ধৰক। বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে জ্যে্ষ্ঠজনৰ পৰামৰ্শ লোৱাটো ভাল। কোনো ভাল খবৰ আকস্মিকভাৱে লাভ কৰিব পাৰে।