কন্যাৰ সৈতে বজাৰ কৰিবলৈ আহিছিল জোনালী, তীব্ৰবেগী ট্ৰাকৰ খুন্দাত হেৰুৱালে প্ৰাণ

নিউজ ডেস্ক। কন্যাৰ সৈতে বজাৰ কৰি গৈ থকা সময়তে তীব্ৰবেগী ট্ৰাকে মহতিয়াই থৈ গ’ল এগৰাকী মহিলাক!

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে চাপৰৰ বহলপুৰস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত।

G1 5
কন্যাৰ সৈতে বজাৰ কৰিবলৈ আহিছিল জোনালী, তীব্ৰবেগী ট্ৰাকৰ খুন্দাত হেৰুৱালে প্ৰাণ 3

জানিব পৰা মতে, চাপৰৰ ৰঙামাটিস্থিত কৃষি মহাবিদ্যালয়ত কৰ্মৰত জোনালী চক্ৰৱৰ্তী নামৰ ৫২ বছৰীয়া মহিলাগৰাকীয়ে কন্যাৰ সৈতে বজাৰ কৰি কৰ্মস্থলী অভিমুখে খোজ লৈছিল।

মাতৃ-কন্যাই পথ অতিক্ৰম কৰিবলৈ লওঁতেই NL 01-N-9264 নম্বৰৰ এখন তীব্ৰবেগী ট্ৰাকে মহিলাগৰাকীক মহতিয়াই নিয়ে।

গুৰুতৰভাৱে আহত মহিলা গৰাকীক লগে লগে চাপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

নিহত মহিলাগৰাকীৰ ঘৰ চাপৰ থানাৰ অন্তৰ্গত শালকোচা বামুণীপাৰাত বুলি জানিব পৰা গৈছে।

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি দুৰ্ঘটনা সংঘটিত ট্ৰাকখন জব্দ কৰিছে।

কন্যাৰ সৈতে বজাৰ কৰিবলৈ যোৱাৰ সময়তে এনেদৰে মহিলাগৰাকীৰ মৃত্যুৱে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।

লগতে চাওকঃ

ছুইফ্ট ডিজায়াৰ বাহনৰ সৈতে সংঘৰ্ষত স্কুটী আৰােহী মহিলাৰ মৃত্যু, আহত ১

G4 2
কন্যাৰ সৈতে বজাৰ কৰিবলৈ আহিছিল জোনালী, তীব্ৰবেগী ট্ৰাকৰ খুন্দাত হেৰুৱালে প্ৰাণ 4

Leave a Comment