চাইবাৰ অপৰাধীৰ ভয়ংকৰ জাল! অৱসৰপ্ৰাপ্ত অধ্যক্ষৰ বেংক একাউণ্টৰ পৰা ১৬ লাখ লুট, গ্ৰেপ্তাৰ…

ৰাজ্যত চাইবাৰ অপৰাধীৰ ভয়ংকৰ জাল।

অৱসৰপ্ৰাপ্ত অধ্যক্ষৰ বেংক একাউণ্টৰ পৰা কৌশলেৰে লুটি নিলে ১৬ লাখ টকা।

তিতাবৰৰ গড়গাঁও মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ তথা আন্তর্জাতিক খ্যাতিসম্পন্ন বৌদ্ধপণ্ডিত ড° ললিত শ্যাম বিগত কিছুদিন ধৰি শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসাজনিত কাৰণত ঘৰতে বিশ্রাম লৈ থাকিবলগীয়া হোৱাৰ অজুহাতত শিক্ষাবিদগৰাকীৰ বেংকত থকা ১৬ লাখ টকা অনলাইন মাধ্যমৰ সহায়ত বেংক একাউণ্টৰ পৰা অন্তৰ্ধান হয়।

অৱসৰৰ সাঁচতীয়া ধনকেইটা এইদৰে নোহোৱা হোৱাত মূৰত সৰগ ভাগি পৰা শ্যামে তাৎক্ষণিকভাৱে তিতাবৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

এই সংক্রান্তত তিতাবৰ আৰক্ষীয়ে চলোৱা অনুসন্ধানৰ অন্তত কালি নিশা শ্যামৰ এগৰাকী প্রতিবেশী যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ধৃত যুৱকগৰাকী ২১ বছৰীয়া নৱম শৰোত্ৰীয়া বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি ললিত শ্যাম নামৰ ব্যক্তিগৰাকীয়ে দীৰ্ঘ বিৰতিৰ অন্তত যোৱা ২২ আগষ্টত নিজৰ নামত থকা পাছবুক দুখন আপডেট কৰিবলৈ যাওঁতেহে জোলোঙাৰ মেকুৰী ওলাই পৰে।

তথ্য অনুসৰি প্ৰাক্তন অধ্যক্ষগৰাকীৰ পঞ্জাব নেচনেল বেংকৰ তিতাবৰ শাখাত থকা ০০২৯০১০১০৭৬৬৮ নম্বৰৰ একাউণ্টৰ পৰা মুঠ ১২ লাখ ৪০ হেজাৰ ১৮২ টকা বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ ১৬ তাৰিখৰ পৰা ই-কম আৰু পে টি এম মাধ্যমৰ জৰিয়তে হৰলুকী হয়।

একেদৰে ষ্টেট বেংক অব্ ইণ্ডিয়াৰ তিতাবৰ শাখাত থকা ৩০৩৯৪৯১৮৪১৬ নম্বৰৰ একাউণ্টত থকা ৩ লাখ ৫৬ হেজাৰ ২৬৯ টকা অন্তর্ধান হয়।

এইখিনি তথ্য আৰক্ষীয়ে লাভ কৰাৰ পিচত প্ৰায় ১৫ দিনীয়া অনুসন্ধানৰ অন্তত জালিয়াতিৰ আশ্ৰয় লোৱা অপৰাধীজনৰ ওপৰত আৰক্ষী নিশ্চিত হয় আৰু আৰক্ষীয়ে লাচিত নগৰৰ নিজা বাসগৃহৰ পৰা ধৃত যুৱক নৱম শৰোত্ৰীয়াক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে ইতিমধ্যে ১২৩/২২ নম্বৰত ললিত শ্যামৰ গোচৰ পঞ্জীয়ন ভাৰতীয় দণ্ডবিধিৰ ৪১৭/৪২০ ধাৰাত দোষী সাব্যস্ত কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে।

কম্পিউটাৰ বিজ্ঞানৰ স্নাতক যুৱকগৰাকীয়ে শাৰীৰিক অসুস্থতাৰ অজুহাতত দিনৰ ভাগত অধ্যক্ষগৰাকীক কেতিয়াবা সংগ দিয়াৰ নামত অতি কৌশলেৰে বেংকৰ সকলো গোপনীয় তথ্য পাতি চুৰ কৰি অনলাইন মাধ্যমৰ জৰিয়তে বেংক একাউণ্ট খালী কৰিছিল।