ঘৰৰ পৰা নগদ ২৮৪ কােটি টকা জব্দ হােৱাৰ পাছত গ্ৰেপ্তাৰ ব্যৱসায়ী পীযুষ জৈন

নিউজ ডেস্ক। অৱশেষত কৰ বিভাগে গ্ৰেপ্তাৰ কৰিলে উত্তৰ প্ৰদেশৰ কানপুৰৰ ‘ধন কুবেৰ’ ব্যৱসায়ী পীযুষ জৈনক।

ইতিমধ্যে জিএছটি চােৰাংচােৱা সঞ্চালকালয়ে ব্যৱসায়ীজনৰ ঘৰ তথা অন্যান্য ঠিকনাৰ পৰা জব্দ কৰা ধনৰ ভাণ্ডাৰৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

FHj-Fiq-KXs-AA0y2-X

ব্যৱসায়ী পীযুষ জৈন

বিগত তিনি দিন ধৰি গুট্খা তথা আতৰ ব্যৱসায়ৰ সৈতে জড়িত পীযুষ জৈনৰ ঘৰ আৰু বিভিন্ন ঠিকনাৰ পৰা নগদ ২৮৪ কােটিতকৈ অধিক ধন জব্দ হােৱাৰ পাছত দেওবাৰ সন্ধিয়া গ্ৰেপ্তাৰ কৰা হয় ব্যৱসায়ীজনক।

FHWBW-QVIAE-QKD

জিএছটি চােৰাংচােৱা সঞ্চালয়কালয়ে ইতিমধ্যে এই সন্দৰ্ভত গােচৰ ৰুজু কৰি এই বৃহৎ ধনৰ উৎসৰ সন্ধান অব্যাহত ৰাখিছে।

ব্যৱসায়ীগৰাকীয়ে মূলতঃ কৰ ফাঁকিৰে উক্ত বিপুল পৰিমাণৰ ধনৰাশি নিজৰ গােপন ঠিকনাত লুকুৱাই ৰখা বুলি নিশ্চিত কৰিছে জিএছটি চােৰাংচােৱা সঞ্চালকালয়ে।

ইতিমধ্যে উদ্ধাৰ হােৱা ধনৰাশিৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি এয়া দেশৰ অন্যতম বৃহৎ নগদ ধন জব্দ কৰা অভিযান হিচাপে বিবেচিত হৈছে।

Leave a Comment