অসমীয়াৰাষ্ট্ৰীয়

বিদেশত থকা চিকিৎসক কন্যাক লগ কৰি ঘৰলৈ উভতাৰ পিছতেই দম্পতীক হত্যা, লুটি নিলে ৫ কােটি টকাসহ ৯ কিলাে সােণ

নিউজ ডেস্কঃ বিদেশত চিকিৎসক হিচাপে কৰ্মৰত হৈ থকা একমাত্ৰ কন্যাক লগ কৰি ভাৰতলৈ উভতি অহাৰ পিছতে হত্যাৰ বলি হ’ল এহাল দম্পতী। বিমান বন্দৰৰ পৰা দম্পতীহালক আনিবলৈ যোৱা চালকে আন এজনৰ সৈতে মিলি দুয়োকে হত্যা কৰি ফাৰ্মহাউচৰ বাহিৰত পুতি থয়।

ইফালে এই ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চালক আৰু আন এজন সহযোগীক।

murder 1

জানিব পৰা মতে, পেছাত এগৰাকী চাৰ্টাৰ্ড একাউণ্টেণ্ট শ্ৰীকান্ত (৬০) আৰু তেওঁৰ পত্নী অনুৰাধা (৫৩) একমাত্ৰ জীয়াৰীক লগ কৰিবলৈ বিদেশলৈ গৈছিল। তাতেই কন্যাৰ সৈতে প্ৰায় ১০ মাহ অতিবাহিত কৰাৰ পিছতে অৱশেষত শনিবাৰে দুয়ো চেন্নাইলৈ ঘূৰি আহে।

ইফালে দম্পতীহালক বিমান বন্দৰৰ পৰা আনিবলৈ যায় চালক কৃষ্ণাই। কিন্তু বহু সময় ধৰি পিতৃ-মাতৃৰ ফোন অফ হৈ থকাত চিন্তা ব্যক্ত কৰি শ্ৰীকান্তৰ কন্যাই বিদেশৰ পৰাই আত্মীয় স্বজনৰ সৈতে যোগাযোগ কৰে আৰু পিছত আৰক্ষীক এই সন্দৰ্ভত অৱগত কৰা হয়।

killer

ইয়াৰ পিছতে আৰক্ষীয়ে অভিযান চলাই চেন্নাইৰ বাহিৰৰ ফাৰ্মহাউচত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে দম্পতীহালৰ মৃতদেহ।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গাড়ী চালক কৃষ্ণা আৰু ৰবি ৰয় নামৰ আন এজন সহযোগীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে অভিযুক্তৰ পৰা নগদ ৫ কোটি টকাৰ লগতে ৯ কেজি সোণ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

The brutal murder of a US-return couple has shaken Chennai: Here's what  happened | The News Minute

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, শ্ৰীকান্তে তেওঁৰ ঘৰত যথেষ্ট নগদ ধন আৰু সোণ-ৰূপৰ গহণা মজুত কৰি ৰাখিছিল। এই কথা চালক কৃষ্ণাই জানিব পাৰি চুৰি কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু ঘৰৰ চাবি নোপোৱাত অপেক্ষা কৰিবলগীয়া হৈছিল।

Excavation of bodies of murdered couple in Mylapore, Chennai || சென்னை  மயிலாப்பூரில் படுகொலை செய்யப்பட்ட தம்பதியர் உடல்கள் தோண்டியெடுப்பு

কিন্তু যেতিয়াই দম্পতীহাল বিদেশৰ পৰা আহি চেন্নাইত উপস্থিত হয়, তেতিয়াই ৰবি ৰয় নামৰ এজনৰ সৈতে মিলি দুয়োকে হত্যা কৰে আৰু ধন আৰু সোণ-ৰূপৰ গহণা চুৰি কৰে। দুয়ো নেপাললৈ পলায়ন কৰাৰ পৰিকল্পনা কৰিছিল যদিও অৱশেষত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *