ঘোচ লৈ আকৌ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে! এইবাৰ গ্ৰেপ্তাৰ বিট অফিচাৰ আৰু বনৰক্ষক…

নিউজ ডেস্কঃ ৰাজ্যজুৰি চলি থকা অবৈধ স্বামীৰ গ্ৰেপ্তাৰ অভিযানৰ মাজতে পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ঘোচখোৰ চৰকাৰী কৰ্মচাৰী।

এইবাৰ ওদালগুৰিত ধনশিৰি বন সংমণ্ডল সদৰত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

এই অভিযানত ঘোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ বিট অফিচাৰ লাচিত বৰা আৰু বনৰক্ষক বিনেশ দৈমাৰী।

বনজ সামগ্ৰী অবৈধভাৱে সৰবৰাহ কৰা ফেৰীৰ চলাচলত অনুমতি প্ৰদানৰ বাবে ঘোচ লোৱাৰ সময়তে জালত পৰে চৰকাৰী কৰ্মচাৰী দুজন।