ৰাষ্ট্ৰীয়অসমীয়া

গৰুৰ চোৰাং ব্যৱসায়ত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ BSFৰ প্ৰাক্তন কমাণ্ডেণ্টক

নিউজ ডেস্ক। গৰুৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল বিএছএফৰ প্ৰাক্তন কমাণ্ডেণ্ট।

শুকুৰবাৰে নিশা কেইবা ঘণ্টাধৰি চলা জেৰাৰ অন্তত ইডিয়ে গ্ৰেপ্তাৰ কৰে প্ৰাক্তন কমাণ্ডেণ্ট সতীশ কুমাৰক।

উল্লেখ্য যে, গৰুৰ চোৰাং ব্যৱসায় আৰু উৎকোচ লোৱাৰ অভিযোগত পূৰ্বে চিবিআইয়েও সতীশ কুমাৰ গ্ৰেপ্তাৰ কৰিছিল যদিও পৰিৱৰ্তী সময়ত জামিনত মুকলি আকাশৰ তললৈ ওলাই আহিছিল প্ৰাক্তন কমাণ্ডেণ্টগৰাকী।

G5 13

শুকুৰবাৰে নিশা ইডিয়ে কেইবাঘণ্টা ধৰি চলোৱা জেৰাত তেওঁৰ ব্যক্তব্যৰ বিসংগতি আৰু গৰুৰ চোৰাং ব্যৱসায়ত জড়িত থকাৰ অভিযোগ পুনৰ গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে, সতীশ কুমাৰৰ বিৰুদ্ধে আছে ১২ কোটি টকা উৎকোচ লোৱাৰ অভিযোগ।

এই বিষয়ে ইডিয়ে সোধা পোছা কৰাৰ সময়ত কথাৰ বিসংগতি ধৰা পৰাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

ইফালে শনিবাৰে সতীশ কুমাৰক দিল্লীৰ ৰাউচ এভিনিউ আদালতত হাজিৰ কৰোৱা হয়, য’ত ইডিয়ে অভিযুক্তজনক নিজৰ জিম্মাত বিচাৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে সতীশ কুমাৰক চিবিআইয়ে ২০২০ চনত গ্ৰেপ্তাৰ কৰিছিল। পৰৱৰ্তী সময়ত চৰ্ত সাপেক্ষে জামিন প্ৰদান কৰা হৈছিল প্ৰাক্তন কমাণ্ডেণ্টজনক।

সতীশ কুমাৰৰ বিৰুদ্ধে একাধিক অভিযোগ আছে যাৰ ভিতৰত আছে গৰু চোৰাং ব্যৱসায়ত জড়িত থকা, অবৈধভাৱে ধন উপাৰ্জন কৰা। এনামুল হকক গ্ৰেপ্তাৰ কৰাৰ পিছতহে চোৰাংচোৱা বিষয়াসকলে তেওঁৰ বিষয়ে জানিব পাৰিছিল।

শেহতীয়াকৈ, ইডিয়ে তেওঁৰ পত্নীৰ কেইবা কোটি টকাৰ সম্পত্তি সংলগ্ন কৰিছে। তাৰ পৰৱৰ্তী সময়তে সতীশ কুমাৰক গ্ৰেপ্তাৰ কৰা হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *