অসম

গৰুখুঁটিত প্ৰতিবাদকাৰীৰ আক্ৰমণত আহত আৰক্ষী জোৱান মুনিৰ আহমেদৰ অৱস্থা সংকটজনক

উচ্ছেদ অভিযানক লৈ ৰণথলীত পৰিণত হোৱা গৰুখুঁটিৰ ধলপুৰত প্ৰতিবাদকাৰীৰ আক্ৰমণত আহত আৰক্ষী জোৱান মুনিৰ আহমেদৰ অৱস্থা সংকটজনক।

জানিব পৰা মতে বৰ্তমান জি এম চি এইচৰ ১১ জনকৈ লোক চিকিৎসাধীন হৈ আছে। ইয়াৰে ৮ গৰাকী প্ৰতিবাদ কাৰী আৰু ৩ জন আৰক্ষী

প্ৰতিবাদকাৰীৰ আক্ৰমণত চকু আৰু মূৰত আঘাত পোৱা ৫৮ বছৰীয়া মুনিৰ আহমেদৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

আন দুজন আৰক্ষী জোৱান হৈছে অমৃত ৰাজ চৌধুৰী (৩৭) আৰু লখৰাৰ অপূৰ্ব ৰংহাং (৩৫)।

আনহাতে ঘটনাত নাৰায়ণ শৰ্মা নামৰ এগৰাকী আৰক্ষী জোৱান আহত হৈছিল যদিও তেওঁক ইতিমধ্যে ৰিলিজ দিয়া হৈছে।

উল্লেখ্য যে এই ঘটনাৰ বিৰোধিতা কৰি আজি আমচুৱে ১৩ ঘন্টীয়া দৰং জিলা বন্ধ ঘোষণা কৰিছে।

আনহাতে পুনৰ উচ্ছেদ চলাবলৈ নিশাই অৰ্ধসামৰিক বাহিনী ৰাওনা হৈছে দৰঙলৈ।

আজি ১০ বজাৰ পৰা পুনৰ চলিব উচ্ছেদ অভিযান।

Leave a Reply

Your email address will not be published. Required fields are marked *