ছিপাঝাৰৰ গৰুখুঁটিত উচ্ছেদ কাণ্ডক লৈ চলা প্ৰতিবাদ তথা সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত কাইলৈ দৰং জিলা বন্ধ ঘোষণা কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই।
উচ্ছেদ অভিযানৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰতিবাদত দৰং জিলা বন্ধৰ আহ্বান জনায় সংগঠনটোৱে।
২৪ ছেপ্টেম্বৰ শুকুৰবাৰে পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ বন্ধ ঘোষণা।
সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ বন্ধ ঘোষণালৈ সমৰ্থন জনাইছে এআইইউডিএফে।
উল্লেখ্য যে, গৰুখুঁটিৰ ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে।
উচ্ছেদৰ লগতে বৰ্বৰ ঘটনা আখ্যা দিছে আৰক্ষীৰ আক্ৰমণৰ ঘটনাক।
লগতে ধিক্কাৰ সেই ফটোগ্ৰাফাৰ যুৱকক, যিয়ে আৰক্ষীৰ সমুখতেই এজন গুলিবিদ্ধ মৃতপ্ৰায় প্ৰতিবাদকাৰীৰ ওপৰত অতি নিৰ্মম ভাৱে আক্ৰমণ কৰিছিল।
উল্লেখ্য যে, এই উত্তপ্ত পৰিস্থিতিৰ মাজতে আজি ১০ বজাৰ পৰা পুনৰ চলিব উচ্ছেদ অভিযান।
ইতিমধ্যে অৰ্ধসামৰিক বাহিনী ছিপাঝাৰলৈ ৰাওনা হৈছে।









