গ্ৰেপ্তাৰ হ’ল গৰুখুঁটিত দখলকাৰীক আক্ৰমণ কৰা প্ৰশাসনৰ ফটোগ্ৰাফাৰ বিজয় বনিয়া…

দৰং জিলাৰ ঢলপুৰৰ গৰুখুটিত চলা উচ্ছেদ অভিযানত উত্তপ্ত পৰিস্থিতি।

উচ্ছেদ অভিযানৰ দ্বিতীয় দিনা প্ৰশাসনৰ উচ্ছেদ অভিযানত বাধা প্ৰদান দখলকাৰীৰ।

আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত তয়াময়া ৰণ। শূন্যলৈ গুলীচালনা আৰক্ষীৰ। আৰক্ষীলৈ শিল নিক্ষেপ প্ৰতিবাদকাৰীৰ।

এই সংঘাটৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈছে সামাজিক মাধ্যমত।

আৰক্ষীৰ লগতে হাতত কেমেৰা লৈ থকা এজন ব্যক্তিয়েও দখলকাৰী লোকক আক্ৰমণ কৰা দৃশ্যই এতিয়া তোলপাৰ লগাইছে ৰাজ্য।

হাতত কেমেৰা লৈ থকা ব্যক্তিজন হ’ল আৰক্ষী তথা প্ৰশাসনে ঘটনাস্থলীৰ ফটো সংগ্ৰহ কৰিবলৈ লগত লৈ যোৱা বিজয় বনিয়া।

অতি নৃসংস ভাৱে বিজয় শংকৰ বনিয়াই আক্ৰমণ কৰিছিল দখলকাৰীএজনক।

উক্ত ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে সৰ্বত্ৰে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ।

বহুতেই কেমেৰামেন জনৰ জনাইছিল গ্ৰেপ্তাৰৰ দাবী।

অৱশেষত গ্ৰেপ্তাৰ হ’ল উপায়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত ফটোগ্ৰাফাৰ বিজয় শংকৰ বনিয়া।

টুইটাৰযোগে এই কথা সদৰি কৰিছে জি পি সিঙে।

Leave a Comment