গ্ৰেপ্তাৰ হ’ব নেকি কীৰ্তিকমল বৰা? নগাঁও সদৰ থানাত গোচৰ অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বণিয়াৰ…

গুলীবিদ্ধ কীৰ্তিকমল বৰাৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত গোচৰ।

অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বণিয়াৰ এজাহাৰৰ ভিত্তিত গোচৰ।

ভাৰতীয় দণ্ডবিধি আইনৰ ২৯৪/৩২৫/৩৫৩/৩০৭ আৰু R/W Sec 21(A)/29 NDPS Actত ১৩০/২২ নম্বৰত গোচৰ ৰুজু।

3

শনিবাৰে নগাঁৱত এণ্টি নাৰ্কটিক স্কোৱাডৰ দলৰ এছ আই প্ৰদীপ বণিয়াই ছাত্ৰ নেতা কীৰ্তি কমল বৰাক ভৰিত গুলীয়াই আহত কৰাৰ পিছতে সমগ্ৰ ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ইয়াৰ মাজতে নগাওঁ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নেতৃত্বত নগাওঁ চহৰত মহাবিদ্যালয়খনৰ ছাত্ৰই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে পথ অৱৰোধৰ দৰে কাৰ্যসূচীও গ্ৰহণ কৰে।

ইয়াৰোপৰি নগাওঁ আছুৱেও আনন্দ মিশ্ৰ বাহিনীৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ।

1-3

ইফালে বিতৰ্কিত এছ আই প্ৰদীপ বণিয়াৰ বিৰুদ্ধেও কীৰ্তি কমলৰ পৰিয়ালে সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে।

উল্লেখ্যে যে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকা নগাওঁ কাণ্ডৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অতিৰিক্ত মুখ্য সচিব পৰৱন বৰঠাকুৰৰ নেতৃত্বত এক তদন্ত কমিটী গঠন কৰি দিছে।

এই এজনীয়া তদন্ত কমিটীখনে ৭ দিনৰ ভিতৰত সমগ্ৰ ঘটনাৰ প্ৰতিবেদন দাখিল কৰিব।

লগতে চাওকঃ

আৰক্ষী বিষয়া হোৱাৰ সপোন আছিল কীৰ্তিকমলৰ! কিন্তু এতিয়া সপোন সপোন হৈয়ে ৰৈ যাব…

G1

Leave a Comment