নিউজ ডেস্ক। দাক্ষিণাত্যৰ ধৰ্মীয় স্থলসমূহৰ দৰেই এইবাৰ অসমতাে ধৰ্মীয় স্থানৰ উন্নয়নৰ বাবে পৰিচয় বিহীন ভক্তই আগবঢ়ালে বৃহৎ পৰিমাণৰ সােণ।
জনসাধাৰণ তথা ভক্তবৃন্দসকলৰ মাজত কৌতূহলৰ সৃষ্টি কৰা এই ঘটনা সংঘটিত হৈছে মহাপুৰুষ গুৰুজনাৰ পৱিত্র জন্মস্থান নগাঁও জিলাৰ বটদ্ৰৱা থানত।
পৰিচয় বিহীন ভক্তই অতি সংগোপনে বটদ্ৰৱা থানলৈ আগবঢ়ালে ৪০ তোলা সোণ।

বটদ্ৰৱা থানৰ প্ৰণামী বাকচত এটা লেফাফাৰ ভিতৰত উদ্ধাৰ হৈছে ৪০ তোলা সোণ। এই সােণখিনিৰ আনুমানিক মূল্য ২৬ লাখ টকা।
ইয়াৰ লগতে লেফাফাখনৰ ভিতৰত উদ্ধাৰ হৈছে এখন চিঠি য’ত এই পৰিচয় বিহীন ভক্তজনে উক্ত সোণখিনি কীৰ্তন ঘৰৰ গুৰু আসনৰ চাৰিটা খুটাত লগাবলৈ সবিনয়ে অনুৰোধ কৰিছে।
ইয়াৰ পাছতে এইজন পৰিচয় বিহীন মহান ভক্তক লৈ এতিয়া বিশেষ চৰ্চা চলিছে বটদ্ৰৱাত।
এই ঘটনাই কেৱল বটদ্ৰৱাতে নহয়, সমগ্ৰ ৰাজ্যতে ব্যাপক চৰ্চা লাভ কৰিছে।

পত্ৰখনত লিখা আছে, ”মহাশয়, ইয়াত থকা ৪০ তোলা সোণেৰে থানৰ মূল আসনৰ ৪টা খুটাত ১০ তোলাকৈ বন্ধাই দিলে পৰম সুখ পাম। সেৱাৰে থানৰ এজন একান্ত ভক্ত।”
জানিব পৰা মতে, ভকত বৈষ্ণৱ সকলে বাকচৰ ধন গণনা কৰি থাকোতে ধনৰ লগতে এটা বেগৰ ভিতৰত এই ৪০ তোলা সোণ উদ্ধাৰ হয়।
বটদ্ৰৱা থানৰ কৰ্তৃপক্ষই এই ভকত বৈষ্ণৱ জনৰ মঙ্গল কামনা কৰাৰ লগতে গুৰুজনাৰ সেৱাত বৰ্তী থকাৰ বাবে তেওঁৰ সুস্বাস্থ্য গৰাকী হ’বলৈ আশীৰ্বাদ দিয়ে।
যি সময়ত একাংশ লােকে কিঞ্চিত দান-বৰঙনি দি নিজৰ নাম প্ৰকাশ কৰিব বিচাৰে, তেনে সময়তে এজন ভক্তই ইমান বৃহৎ দান কৰিও নিজৰ নাম প্ৰকাশত অপাৰগতা প্ৰকাশৰ ঘটনাই ভক্তজনৰ মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে।
লগতে চাওকঃ
সুধাকণ্ঠৰ গীতৰ দৰেই সম্পন্ন হ’ল এখন বিশেষ বিয়া, উখল-মাখল কােকৰাঝাৰ










