
গৌৰৱৰ ক্ষণ! মাষ্টাৰচেফ ইণ্ডিয়াত বিজয়ীৰ মুকুট পৰিধান কৰি স্বগৃহলৈ উভতিল অসম সন্তান নয়নজ্যোতি শইকীয়া, ৰাণাৰ্ছ আপ অসম কন্যা শান্তা…
নিউজ ডেস্কঃ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে আন এগৰাকী অসমীয়াই।
এইবাৰ জনপ্ৰিয় কুকিং ৰিয়েলিটী শ্ব’ মাষ্টাৰচেফ ইণ্ডিয়াত বিজয়ীৰ মুকুট পৰিধান কৰি স্বগৃহলৈ উভতিল অসম সন্তান নয়নজ্যোতি শইকীয়া।
মাষ্টাৰচেফ ইণ্ডিয়াৰ চিজন ৭ত বিজয়ীৰ খিতাপ অৰ্জন কৰে নয়নজ্যোতি শইকীয়া।

ইফালে এই ৰিয়েলিটী শ্ব’ৰে ৰাণাৰ্ছ আপ হয় আন এগৰাকী অসম কন্যা শান্তা শৰ্মা।
ৰন্ধন প্ৰতিযোগিতাৰ অন্তিম যুদ্ধত দুগৰাকী অসমীয়াই স্থান পৰিপ্ৰেক্ষিতত চেফ ৰণবীৰ ব্ৰাৰে কয়, ‘ইয়ালৈ ভাৰত আহিছিল, কিন্তু অৱশেষত অসমহে থাকি গ’ল।’

প্ৰতিযোগিতাৰ বিজয়ী হিচাপে ২৫ লাখ টকাৰ চেক আৰু বঁটা লাভ কৰে নয়নজ্যোতি শইকীয়াই।
ৰাণাৰ্ছ আপ শান্তা শৰ্মাই লাভ কৰে ৫ লাখ টকাৰ চেক।

ইফালে বিজয়ীৰ খিতাপ পৰিধান কৰি তিনিচুকীয়াৰ স্বগৃহলৈ ওভতাৰ পিছতে নয়নজ্যোতিক উষ্ম আদৰণি জনায় তিনিচুকীয়াবাসীয়ে।

সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত নয়নজ্যোতিয়ে কয় যে সকলোৱে সপোন দেখিব লাগে। সপোন দেখিলেহে সপোন পূৰণ হোৱাৰ সুযোগ পোৱা যায়।





