ৰাষ্ট্ৰীয়

গৌতম গম্ভীৰলৈ ISISৰ এটাৰ পিছত আন এটা ভাবুকিপূৰ্ণ ইমেইল, ঘৰৰ বাহিৰত বৃদ্ধি কৰা হৈছে নিৰাপত্তা…

গৌতম গম্ভীৰলৈ ISISৰ এটাৰ পিছত আন এটা ভাবুকিপূৰ্ণ ইমেইল।

পূব দিল্লীৰ বিজেপি সাংসদ তথা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰক হত্যাৰ ভাবুকি।

জীৱনৰ প্ৰতি ভাবুকি (মৃত্যুৰ ভাবুকি) লাভ কৰে সাংসদজনে৷

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গৰাকীক সন্ত্ৰাসবাদী সংগঠন আই এছ আই এছ কাশ্মীৰে হত্যা কৰাৰ ভাবুকি দিয়ে৷

ইয়াৰ পিছতেই গৌতম গম্ভীৰে বিষয়টো সন্দৰ্ভত দিল্লী আৰক্ষীৰ সৈতে কথা পাতে৷

তেওঁ অভিযোগ কৰে যে তেওঁ আই এছ আই এছ কাশ্মীৰৰ দ্বাৰা হত্যা কৰাৰ ভাবুকি লাভ কৰিছে৷ বৰ্তমান সাংসদ গৰাকীৰ ঘৰৰ বাহিৰত নিৰাপত্তা বাহিনী বৃদ্ধি কৰা হৈছে।

জানিব পৰা মতে, গৌতম গম্ভীৰক তেওঁৰ ইমেইলযোগে হত্যাৰ ভাবুকি দিয়া হৈছে৷ এই মেইলৰ পিছত দিল্লী আৰক্ষীয়ে গৌতম গম্ভীৰৰ ঘৰৰ বাহিৰত নিৰাপত্তা অধিক কটকটীয়া কৰি তুলিছে৷

ডিএছপি চেণ্ট্ৰেল শ্বেতা চৌহানে কয় যে ,আই এছ আই এছ কাশ্মীৰৰ পৰা সাংসদজনে এই ভাবুকি পাইছে৷ গম্ভীৰে দিল্লী আৰক্ষীক বিষয়টোৰ বিষয়ে অৱগত কৰিছে৷ তেওঁ কৰা গোচৰটোৰ তদন্ত চলি আছে৷

ইপিনে বুধবাৰে আন এটা ভাবুকিপূৰ্ণ ইমেইল লাভ কৰে গৌতম গম্ভীৰে।ইমেইল পোৱাৰ পিছত দিল্লী আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে।

গম্ভীৰৰ মতে, তেওঁ “isiskashmir@gmail.com” আইডিৰ পৰা আন এটা ইমেইল পাইছে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, এই ইমেইলত কোৱা হৈছে, “আমি আপোনাক হত্যা কৰিব বিচাৰিছিলো, কিন্তু আপুনি কালি বাচি গৈছিল। যদি আপুনি আপোনাৰ জীৱন আৰু আপোনাৰ পৰিয়ালক ভাল পায়, ৰাজনীতি আৰু কাশ্মীৰৰ বিষয়টোৰ পৰা আঁতৰি থাকক।” কেৱল সেয়াই নহয়, এই ইমেইলটোত গম্ভীৰৰ ঘৰৰ বাহিৰত এটা ভিডিঅ’ শ্বুট কৰিও পঠিওৱা হৈছে।

উল্লেখ্য যে গৌতম গম্ভীৰে ২০১৯ ৰ লোকসভা নিৰ্বাচনত পূব দিল্লী সংসদীয় সমষ্টিৰ পৰা বিজেপিৰ টিকট লাভ কৰি জয়লাভ কৰিছিল৷ গম্ভীৰে বিভিন্ন বিষয়ৰ লগতে সন্ত্ৰাসবাদৰ বিষয়েও পোনপটীয়া মত প্ৰকাশ কৰিছিল৷ তেওঁ বিভিন্ন সময়ত তেওঁৰ বিৰোধী নেতাসকলৰ সৈতেও তৰ্ক কৰিছিল৷

শেহতীয়াকৈ নৱজ্যোত সিং সিদ্ধুও তেওঁৰ সৈতে তৰ্কত লিপ্ত হৈছিল৷ সিদ্ধুৱে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানক তেওঁৰ জ্যেষ্ঠ ভাতৃ বুলি অভিহিত কৰিছিল৷ সেয়েহে গৌতম গম্ভীৰে তেওঁক তেওঁৰ সন্তানক সীমান্তৰ সিপাৰে পঠিয়াবলৈ কৈছিল৷

তেওঁ কয় যে স্বাধীনতাৰ ৭০ বছৰৰ পিছতো ভাৰত পাকিস্তানৰ সন্ত্ৰাসবাদৰ বলি হৈছে। বৰ্তমান ইয়াৰ বিৰুদ্ধে যুঁজ আৰম্ভ হৈছে। তেনেস্থলত পাকিস্তানৰ প্ৰধানমন্ত্ৰীক জ্যেষ্ঠ ভাতৃ বুলি কোৱাটো লজ্জাজনক৷

Leave a Reply

Your email address will not be published. Required fields are marked *