গোৱালপাৰাত স্থাপন কৰা বাংলাদেশী মিঞা মিউজিয়াম জ্বলাই দিয়াৰ দাবী শিলাদিত্য দেৱৰ…

নিউজ ডেস্কঃ গোৱালপাৰা জিলাৰ লক্ষীপুৰত স্থাপন কৰা মিঞা মিউজিয়ামটোক বাংলাদেশী মিঞা মিউজিয়াম আখ্যা দি শীঘ্ৰে ভাঙি পেলোৱাৰ দাবী জনালে বিজেপি নেতা শিলাদিত্য দেৱে।

মিঞা মিউজিয়ামক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে ক্ষোভ ব্যক্ত কৰি শিলাদিত্য দেৱে কয়, ‘অসমত মিঞা মিউজিয়াম হ’বলৈ দিয়া নহ’ব।’

মিঞাই অসমৰ সংস্কৃতি গ্ৰহণ কৰিব নোৱাৰে বুলি মন্তব্য কৰি বিজেপি নেতাগৰাকীয়ে লগতে কয়, ‘মিঞাই অসমত নহয়, বাংলাদেশত মিঞা মিউজিয়াম বনাওক।’

siladitya dev
গোৱালপাৰাত স্থাপন কৰা বাংলাদেশী মিঞা মিউজিয়াম জ্বলাই দিয়াৰ দাবী শিলাদিত্য দেৱৰ… 2

উল্লেখযোগ্য যে দেওবাৰে গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ডাপকাৰভিটাত সদৌ অসম মিঞা পৰিষদৰ গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত উদ্বোধন কৰা হৈছিল মিঞা সংগ্ৰহালয়।

তাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।