অসম

গুৱাহাটীৰ আকাশত বায়ুসেনাৰ বিমান ষ্টাণ্ট, ৯খন যুদ্ধ বিমানেৰে বায়ুসেনাৰ সমৰকলা প্ৰদৰ্শন…

গুৱাহাটীৰ আকাশত বায়ুসেনাৰ বিমান ষ্টাণ্ট, ৯খন যুদ্ধ বিমানেৰে বায়ুসেনাৰ সমৰকলা প্ৰদৰ্শন।

বৃহস্পতিবাৰে গুৱাহাটীৰ লাচিত ঘাটৰ ওপৰত ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ এৰোবেটিক দল চমুকৈ SKATএ বিমান এৰোবেটিক শ্ব’ প্ৰদৰ্শন কৰে।

পুৱা ১০ বজাৰ পৰা ১১ বজালৈকে প্ৰদৰ্শন হয় এই এয়াৰ শ্ব’।

৯ জনীয়া এটা দলে প্ৰায় এঘণ্টা সময় আকাশ মাৰ্গত সমৰকলা প্ৰদৰ্শন কৰে।

image 211

হক এমকে-132 বিমান ব্যৱহাৰেৰে স্কোৱাড্ৰনে এই এৰোবেটিক্স শ্ব’ প্ৰদৰ্শন কৰে।

Eastern Air Command আৰু অসম চৰকাৰৰ উদ্যোগত আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি এই কাৰ্য্যসূচী অনুষ্ঠিত কৰা হৈছে।

ভাৰতীয় বায়ুসেনাৰ এই কাৰ্যসূচীত অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, এয়াৰ মাৰ্শ্বেল ডি. কে. পাটনায়কৰ লগতে বায়ুসেনাৰ বহুকেইগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে।

image 212

বায়ুসেনাৰ বিশেষ কলা-কৌশল উপভোগ কৰি অভিভূত হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

তেওঁ কয়- গোৱালপাৰাৰ সৈনিক স্কুলত পঢ়ি সূৰ্যকিৰণত অংশ ল’ব পাৰিছে। যুৱ শক্তিক আৰু অধিক আকৰ্ষিত কৰিব বুলি আশাবাদী।