গুৱাহাটীত এইবাৰ M.COM চাইৱালা! ব্যক্তিগত খণ্ডৰ ৫০ হাজাৰ টকাৰ চাকৰি এৰি চাহ বিক্ৰীত নামিছে ঋষিৰাজ বৰ্মন…

নিউজ ডেস্কঃ একাপ চাহৰ মাদকতা প্ৰতিজন ভাৰতীয়ই উপলব্ধি কৰে। সেয়ে ভাৰতৰ যিকোনো প্ৰান্ততে আপুনি দেখিবলৈ পাৰে সৰুকৈ হ’লেও এখন চাহৰ দোকান।

চাহৰ এনে চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়েই শেহতীয়াকৈ চাহ বিক্ৰীৰ প্ৰতি আগ্ৰহী হৈছে বহু যুৱক-যুৱতী।

উচ্চ শিক্ষা গ্ৰহণৰ পিছতো সংস্থাপন নাপাই অৱশেষত চাহ বা অন্য ব্যৱসায় আৰম্ভ কৰিছে অনেক উচ্চশিক্ষিত যুৱক-যুৱতীয়ে।

এমবিএ চাইৱালা, বি.এ চাইৱালী, বি.কম চাইৱালা আদি অলেখ বিপনী এনে ব্যৱসায়ৰে একো একোটা নাম।

কিন্তু এইবাৰ অন্য ৰাজ্যত নহয়, অসমীয়াক চাহৰ সোৱাদ দিবলৈ গুৱাহাটীত এখন চাহৰ বিপনী আৰম্ভ কৰিছে এগৰাকী উচ্চ শিক্ষিত অসমীয়া যুৱকে।

বাণিজ্যত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণৰ পিছত ব্যক্তিগত কোম্পানীৰ মোটা দৰমহা এৰি গুৱাহাটীৰ গণেশগুৰি-বিৰুবাৰী পথতে এখন চাহৰ বিপণী আৰম্ভ কৰিছে যুৱকজনে।

এই ষ্টলখনৰ নাম দিছে এম.কম গুৱাহাটী চাইৱালা। যুৱকজনৰ নাম ঋষিৰাজ বৰ্মন।

সৰুৰে পৰাই নিজাকৈ ব্যৱসায় কৰাৰ সপোন দেখা ঋষিৰাজ বৰ্মনে শিক্ষা সমাপ্ত কৰাৰ পিছতে এটা ব্যক্তিগত চিমেণ্ট কোম্পানীত কৰ্মজীৱন আৰম্ভ কৰিছিল।

কিন্তু কিছু মাহ তাত চাকৰি কৰাৰ পিছতে প্ৰায় ৫০ হাজাৰ টকাৰ দৰমহা এৰি চাহৰ ষ্টল খুলিবলৈ মন মেলে ঋষিৰাজে।

প্ৰথম এসপ্তাহতে তেওঁ গ্ৰাহকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰাৰ পিছত চাকৰি কৰাৰ মানসিকতা সম্পূৰ্ণৰূপে সলনি কৰে।

বৰ্তমান গুৱাহাটীৰ এই সৰু চাহৰ ষ্টলখনেই তেওঁৰ জীৱন আৰু জীৱিকা।

চাকৰিকালত লাভ কৰা দৰমহাৰ সমান বৰ্তমান উপাৰ্জন নহ’লেও এই ব্যৱসায়ৰে তেওঁ ভৱিষ্যতে অধিক লাভাৱাম্বিত হ’ব বুলি আশাবাদী ঋষিৰাজ।

উচ্চ শিক্ষিত হৈও কামৰ সৰু-বৰ বিচাৰ নকৰি চাহ বিক্ৰী কৰিবলৈ আৰম্ভ কৰা ঋষিৰাজ আন বহু যুৱক-যুৱতীৰ বাবে এতিয়া প্ৰেৰণা হৈ পৰিছে।