গুৰুতৰভাৱে অসুস্থ প্ৰধানমন্ত্ৰী মোডীৰ মাতৃ! হাস্পতালত ভৰ্তি…

নিউজ ডেস্কঃ বাৰ্ধক্যজনিত অসুস্থতাত ভুগিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাতৃ হীৰাবেন মোডী।

প্ৰধানমন্ত্ৰী মোডীৰ এশ বছৰীয়া মাতৃক ভৰ্তি কৰোৱা হৈছে আহমেদাবাদৰ ইউএন মেহতা ইনষ্টিটিউট অৱ কাৰ্ডিঅ’জি এণ্ড ৰিচাৰ্চ চেণ্টাৰত।

বাতৰি অনুসৰি, মাতৃক সাক্ষাতৰ বাবে ইতিমধ্যে আহমেদাবাদলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী মোডী।

মোডীৰ আগমণক লৈ হাস্পতালখনত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা।

গুজৰাটৰ স্বাস্থ্যমন্ত্ৰী ৰুষিকেশ পেটেলকে ধৰি কেইবাগৰাকী নেতা-মন্ত্ৰী ইতিমধ্যে হাস্পতালত উপস্থিত হৈ বুজ লৈছে প্ৰধানমন্ত্ৰীৰ মাতৃৰ স্বাস্থ্যৰ।

চিকিৎসকে হীৰাবেন মোডীৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি জানিবলৈ দিছে।

ইফালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও মোডীৰ মাতৃৰ আশু আৰোগ্য কামনা কৰিছে।