প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ গৃহৰাজ্য গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হ’ব ভূপেন্দ্ৰ পেটেল।
গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে পদত্যাগ কৰাৰ পাছতে গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ৰাজ্যখনৰ জ্যেষ্ঠ নেতা ভূপেন্দ্ৰ পেটেলে।
দেওবাৰে ভূপেন্দ্ৰ পেটেলক গুজৰাটৰ নতুন মুখ্য মন্ত্ৰী হিচাপে ঘোষণা কৰা হয়।
কেন্দ্ৰীয় পৰ্যবেক্ষক নৰেন্দ্ৰ সিং তোমাৰ আৰু প্ৰহ্লাদ যোশী আৰু দলৰ সাধাৰণ সম্পাদক তৰুণ চাউগৰ উপস্থিতিত দেওবাৰে আবেলি ৰাজ্যিক বিজেপিৰ বিধায়কসকলৰ এখন বৈঠকত ঘাটলোডিয়াৰ বিধায়ক ভূপেন্দ্ৰ পেটেলৰ নাম প্ৰস্তাৱ কৰা হয়।
মুখ্য মন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পূৰ্বে ভূপেন্দ্ৰ পেটেলে আহমেদাবাদ আৰ্বান ডেভেলপমেণ্ট অথৰিটিৰ সঞ্চালক হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।
উল্লেখ্য যে, বিধানসভা নির্বাচনৰ বাবে মাজত প্রায় ডেৰ বছৰ থকাৰ সময়তে মুখ্যমন্ত্রী ৰূপানীৰ পদত্যাগে দেশৰ ৰাজনীতিত ব্যাপক চর্চা লাভ কৰিছে।









